*অপেক্ষা*
তুমিতো জানাই...
তোমাৰ দুভৰিৰ নূপুৰৰ মাত
কিমান দিন শুনা নাই?
শুনা নাই তোমাৰ প্ৰাপ্তিৰ
অভিমানৰ ব্যাখা ।
দেখা নাই তোমাৰ কঁকালৰ
ঢৌ খেলা দীঘল চুলিটাৰি...
অপেক্ষায়ো যে একোটা সুকীয়া সত্তা....
ভালেই লাগে...!!!!!
অভিমানবোৰ অভিমানী হৈ হৃদয়ত দোলা দিলে...
তুমি চাগে বুজিছা নহয়..
তোমাক লগ নোপোৱাৰ
কিমান তাড়না..?
পৰা হ'লে হৃদয়ৰ তৰ্জুত
জুখী দিলো হেঁতেন... ভালপোৱাৰ ওজন।
কিন্তু নোৱাৰি...
তুমি চাগে বুজিছা নহয়..??
মৰমবোৰ কিমান অভিমানী হ'লে..
ভালপোৱা গধূৰ হয় ।
তুমিতো জানাই নহয়.....??
*ৰমেন বৰুৱা*
No comments:
Post a comment