এটা নিদাৰুণ কবিতা - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

এটা নিদাৰুণ কবিতা


হথাৎ প্ৰচণ্ড ধুমুহা বলিল - - -
উজুটিত হামখুৰি খাই পৰিল
মানৱতা- - -!
চূৰ্ণ-বিচূৰ্ণ হৈ গ'ল 
দৰ্প---,অহংকাৰ---!!

আয়ত্তৰ সীমা ৰেখা ভেদি
"নিজে সৰজি নিজে আচৰিত"-- --!!

তধা লগা পা পৰিল
"মেৰিয়ানা"ৰ গভীৰ খাদত ৷

নিপাত যা--,যা তাতেই নিপাত যা --
ৰাহি ৰোৱা বিশ্ব বাসীৰ
ফুলক আশ্বাসৰ ফুল ৷

বুকুত ৰু-ৰুৱাই বলি ৰ'ল
এটা নি-দা-ৰু-ণ কবিতা ৷
। । ****  ****  ****
   ৰূপা গগৈ

No comments:

Post a comment