গল্প - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

গল্প


বিয়া হোৱা কেইমাহমানৰ পাছত পত্নিৰ মনলৈ এটা ভাৱ আহিল যে.. 
যদি তাই পতিক এৰি থৈ ঘৰলৈ গুচি যায় তেন্তে পতিয়ে কেনে অনুভৱ কৰিব সেয়া প্ৰমান চাবলৈ এটা কৌশল সাজিলে.. 
এই কথাখিনি তেওঁ এখন কাগজত লিখিলে --
"তোমাৰ লগত মই আৰু থাকিব নোৱাৰো, 
মই তোমাৰ লগত থাকি থাকি বৰ হৈ গৈছো  
মই নিজৰ ইচ্ছা মতে জীয়াই থাকিব বিচাৰো, 
সেইবাবে মই ঘৰ এৰি চিৰদিনৰ বাবে যাবলৈ ওলালো l"
সেই কাগজখন টেবুলত থৈ পতি ভিতৰলৈ অহালৈ বাট চাই থাকিল আৰু যেতিয়া পতি ভিতৰলৈ অহা গম পালে তেতিয়া পতিৰ প্ৰতিক্ৰিয়া কেনে হয় তাক চাবৰ বাবে লৰালৰিকৈ বিচনাৰ তলত সোমালগৈ l
পতি ভিতৰলৈ সোমাই আহিল আৰু টেবুলখনত থকা কাগজখন মেলি পঢ়িলে 
অলপ সময় থমকি ৰৈ তেওঁ সেই কাগজখনত কিবা লিখিলে আৰু পুনৰ টেবুলত থৈ দি ফুৰ্তিত তেওঁ নাচিবলৈ ধৰিলে আৰু কাপোৰ সলাই ললে l 
পুনৰ তেওঁ মবাইলটো হাতত তুলি লৈ কাৰোবালৈ ফোন লগালে আৰু ক'লে -
"শুনিচানে আজি মই মুক্ত হৈ গলো , 
মোৰ মুৰ্খ পত্নিয়ে চাগে বুজি পালে যে তাই মোৰ বাবে উপযুক্ত নহয় আৰু সেইবাবে তাই আজি চিৰদিনৰ বাবে ঘৰৰ পৰা ওলাই গুচি গল l
মই এতিয়া মুকলি নিজৰ ইচ্ছাত থাকিম
তোমাক লগ কৰিবলৈ মই গৈ আছো, তুমি সাজো হৈ আমাৰ ঘৰৰ কাষৰ পাৰ্কখনলৈ এতিয়াই আহা l
পতি বাহিৰলৈ ওলাই গ'ল.
চকুপানীৰে ওপচা চকুলোৰে পত্নি বিচনা তলৰ পৰা ওলাই আহিল আৰু কপিঁ থকা দুহাতেৰে টেবুলত থকা কাগজখন দাঙি ধৰি কাগজত লিখি থৈ যোৱা শাৰীকেইটা পঢ়িলে.. 
য'ত লিখা আছিল -
"বিচনাৰ তলৰ পৰা ভৰিকেইখন দেখি আছে বাবলী l" 
পাৰ্কৰ কাষৰ দোকানখনৰ পৰা ব্ৰেড লৈ আহোগৈ...  :-)
তেতিয়ালৈকে চাহ বনাই থবা l
.
জানা বাবলী মোৰ জীৱনতো তুমাৰ এইবোৰ কামেই অধিক সুখী কৰি ৰাখিছে l

---- পতি-পত্নি হৈছে চিৰ জীৱনৰ লগৰী ইয়াক ইচ্ছা কৰি এজনে আনজনক এৰি যাব নোৱাৰে ...  ইয়াৰ মাজত অন্তনিৰ্হিত হৈ থাকে এখন সুখৰ সংসাৰ l

☆☆☆☆
 । । ভাল লাগিলে shr কৰিবলৈ নাপাহৰিবা..... ।  ।

No comments:

Post a comment