ডাঃ অভিনলৰ পন - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

ডাঃ অভিনলৰ পন

 ঃ " চাহ কাপ খাই লওঁ । কোনে জানে এই কাপ চাহেই মোৰ অন্তিম চাহ ।"

ঃ" অভি  তেনেকৈ কৈছা কিয় ? ভগৱানে আমাৰ প্ৰাৰ্থনা নিশ্চয় শুনিব ।"

ঃ" তুমিতো জানাই মই আগতেও ভগৱানক বিশ্বাস কৰা নাই , আজিও নকৰো ।"                                                               ঃ"  কোৱাচোন লুপা , কি বস্তু ইমান থুনুকা যে, কনমান থেকা খালেই ভাঙি  চূৰমাৰ হৈ যায়"                        ঃ"  হৃদয় "                                                               ঃ " নহয় "
     ঃ" তেন্তে কি ? "
ঃ"সপোন " ঃ " বাহঃ "                                                        
ঃ "  এটা সপোন দেখিয়েই চিকিৎস্যক হৈছিলো । এম. বি. বি. এছ. ,এম.ডি.  কৰিয়েই মেডিকেল অফিছাৰ হলো । নামত ডাক্তৰ ,ঢাল নাই ,তৰোৱাল নাই ,নিধিৰাম চদাৰ । মেডিকেল অফিছাৰ । কামত প্ৰেছক্ৰিপশ্যন লিখা ডাক্তৰ  হে ।  আঠবছৰে মেডিকেল ছাত্ৰ হিচাবে ইমান কষ্ট কৰি  চিকিৎস্যা বিজ্ঞানৰ মহা সমুদ্ৰৰ পৰা জ্ঞানৰ মুকুটা বিছাৰি , কেৱল আয়ৰণ টেবলেট , পেৰাচেটমল, ক্লৰ'কুইন ,কেলচিয়াম ভিটামিন ,কেইটামান গৰ্ভ নিৰোধকে ধৰি দুই-তিনিবিধ মান ইঞ্জেকশ্যনেৰে মই বাগানৰ ডাক্তৰ বাবু হৈ থাকিবলৈ সপোন দেখা নাছিলো ।"
       " বাৰ মাহত তেৰ খন হস্পিটেলৰ আধাৰশিলা হয় , পিছে আন্তঃগাঠনি নহয় । প্ৰয়োজনীয় দৰৱ নাহে । চৌহদত থকা পৰিবেশ নাই ।কোৱাটাৰৰ নামত জৰাজীৰ্ন কেইটামান ঘৰ । বহুতে ওচৰৰ নগৰ এলেকাৰ পৰা অহা- যোৱা কৰি কেৱল সময়লৈ অপেক্ষা কৰে । সেইবাবেই সাতবছৰৰ আগতে গুচি আহিলো বিদেশলৈ ।"                                  
ঃ"অভি , এই সকলো কথাই জানো ।তোমাৰ সপোন পুৰ হ'বৰ বাবেইটো ময়ো উৎসাহৰ বাবে মোৰ দেহ- মন তোমাতে উৎসগা কৰিছোঁ । " 

ঃ"এটা সপোন খেদি , আজি  ' কভিড -১৯ ' ৰোগীক প্ৰত্যক্ষ কৰাই নহয় , চাৰি দিন ধৰি চিকিৎস্যা কৰি , আজিৰ পৰা ষোল্ল দিন আবদ্ধ হৈ থাকিম মোৰ বাবে দিয়া আইচলেশ্যন কোঠাত ।" ঃ" অভি ভাগি নপৰিবা । ডাক্তৰ  দ্বিতীয় ভগৱান । মইয়েই জীয়াই তুলিম তোমাক , সাবিত্ৰীয়ে সত্যৱানক জীয়াই তোলাৰ দৰে । তোমাকটো "ক'ৰ'ণা ,'কভিড - ১৯" আক্ৰান্ত বুলি কোৱা নাই ।"
                                                                              ঃ" লুপা তুমি মোক 'কভিদ-১৯ ৰ' আক্ৰান্ত নহয় বুলি আত্মবিশ্বাসেৰে কৈছানে  ?" ঃ "হলেও তোমাৰ একো হ'ব নোৱাৰে । তুমিতো সুস্থ নিৰোগী মানুহ । কেৱল  আনলৈ সংক্ৰমন হ'ব নোৱাৰাকৈ আইচলেশ্যন কোঠাত আবদ্ধ হৈছা ।  ( ইয়াত কেৱল ৰোগীৰ বাবেই নহয় ,ডাক্তৰৰ বাবেও পোন্ধৰতা আাইচলেশ্যন কোঠা আছে ।) "  ঃ"লুপা হিৰেন ভট্টৰ ভাষাৰে কওঁ 
 " মোৰ চৌকাষে উদ্যত মৃত্যু ,/ মৃত্যুৰ কৌশলী হাত"  
  ঃ" অভি পিছৰ শাৰীতে আছেচোন ,
" অথবা মৃত্যুজিত প্ৰতিভাৰ আচ্ছাদিত আভাষ "  চিন্তাৰ নকৰিবা । মৃত্যুক জিনাৰ আমাৰ পন । প্ৰতি পলতে দিম  তোমাৰ সংগ ।"    

ঃ" হয় লুপা ," মৃত্যুতো অৰ্নিবাৰ । প্ৰতিটো জীৱনৰ পিছে পিছে , পলে পলে খেদি থাকে মৃত্যুৰ বিভীষিকাই"  । কিন্তু সূৰ্যসম জীৱনে নকৰে ভয় । মানৱৰ হৈ ডাক্তৰে মৃত্যুক জিনি , মানৱতাৰ অনুভূতি সুৰ-যাঞ্চা মধুময় কৰি নীলিম আকাশত তিৰবিৰাই ,'কভিদ-১৯' ক পৰাজিত কৰি প্ৰতিটো জীৱন ফুলক পাহি মেলাৰ মন্ত্ৰ শিকাম ।"
     
       হৰেন শইকীয়া

No comments:

Post a comment