সলনি হৈ গ'ল অ;
আজি সকলোবোৰ ত্যাগ কৰি
গৃহ বন্দী হ'লো...!
আবেলি বন্ধুৰ সতে তিনিআলিত
আদ্দাত বহা, খেলিবলৈ যোৱা,
নাইবা কৰবালৈ যাত্ৰা কৰা,
আজি সকলোবোৰ বন্ধ....!
মাথো ঘৰৰ ভিতৰতে সোমাই
দিনৰ দিনটো
ৰাতিৰ ৰাতিটো
পাৰ কৰিছো সময়
যেন কোনোবা ৰোগাগস্ত মানুহৰ দৰে....!
জীৱনত কোনো দিনে দেখা নাছিলো
ব্যস্ত ৰাজপথো যে কেতিয়াবা
জন শূণ্য হয়...?
স্কুল-কলেজ, দোকান-বজাৰ
সকলোবোৰ বন্ধ হ'লেই
শেষত বন্ধ হৈ পৰিল
আমাৰ ঘৰৰ দুৱাৰ খনো...!
গাঁৱৰ মানুহবোৰৰ যে
নঙলা মুখেই বন্ধ হৈ গ'ল।
আজি কোনেও কাৰু ঘৰলৈ
অহা যোৱা কৰা নাই,
কোনেও কাৰু লগত
কথা এষাৰো পতা নাই!
সকলোবোৰ মাথো
ঘৰৰ ভিতৰতে সোমাই আছে
ম'বাইল,টিভি, কিতাপ,
নাইবা
আপোন জনৰ সৈতে
মনৰ কথা পাতি
সময়বোৰ পাৰ কৰিছে....!
দিনৰ দিনটো খেল-ধেমালি কৰি
ভাগৰ নলগা কণমানি সেই
শিশুটো আজি
মাক-দেউতাকৰ শাসনত
পিঞ্জৰাবদ্ধ জন্তুৰ দৰে আবদ্ধ হৈ
দিন কটাইছে.....
ডেকা-গাভৰু, বুঢ়া-বুঢ়ী
সকলোৱে আজি ঘৰৰ ভিতৰত।
সেউজীয়া পথাৰখনত আজি
জীৱ-জন্তু বোৰে মুক্ত ভাৱে
বিচৰণ কৰিছে
মানুহৰ নাই তাত কোনো বাধা
সিহঁতো আজি হয়তো
বহু আনন্দিত!
কিয়নো সিহঁতৰো আজি
বহুতৰ সতে মুখা মুখী হোৱাৰ
সৌভাগ্য হৈছে।
সেই কথাবোৰ জীৱনৰ বাটত
সোণালী আখৰেৰে জিলিকি ৰব
ম্মৃতিৰ পাঠ লুটিয়াই চালেই
সোঁৱৰণ কৰি আন কাৰুবাক
ব্যক্ত কৰিব পাৰিম।
গায়কে গানেই গাব,
কবিয়ে কবিতাই লিখিব আৰু নাট্যকাৰে নাটকেই সৃষ্টি কৰিব!
মাথো আমি ঘটিয়াম বাটিয়াম মানুহবোৰে শুনিম,চাম, আৰু
হয় হয় বুলি হাত চাপৰি বজাই সলাগিম......!
কেতিয়াও নাপাহৰো (২২মাচ২০২০দেওবাৰ)
সেই দিনটোৰ কথা;
নাই কোনো যান্ত্ৰিকতাৰ শব্দ
নাই কোনো মানুহৰ চিঞৰ
নহ'লে কি শুনিবা
দিনৰ কোলাহল...!
সময়বোৰ কেতিয়া কেনেকৈ
পাৰ হৈ গ'ল গমকে নাপালো
পোহৰবোৰ আতৰি
ধৰালৈ আহিল ঘূৰ অন্ধকাৰ!
গাঁৱৰ ঘৰে ঘৰে জ্বলি উঠিল
আন্ধাৰ বিনাশী বন্তি গছি;
বাসুদেৱ থানত বাজি উঠিছিল
খোল-তাল, ডবা-শংখ আদি
দেৱ বাদ্য!
মানুহৰ ঘৰে ঘৰে হাত চাপৰি কিম্বা
কাঁহি বাতিৰ শব্দ
কঁকালত টঙালি বান্ধি সকলো
সাজু হৈছে যুজলৈ
মানৱতাৰ এখনি মহা সংগ্ৰাম
ক'ৰোনা ভাইৰাছৰ বিৰুদ্ধে...!
সকলোৱে মুখত এটাই শব্দ
নিপাত যাওঁক সেই
ক'ৰোনা ভাইৰাছ....!
মানৱতাৰ যুঁজখনত আমি
জয়ী হওঁ,
পৃথিৱীলৈ আকৌ শান্তি ঘূৰি আহক
সকলো সজাগ সচেতন হৈ,
আমি ভগৱানক প্ৰাথনা কৰিছো
নিপাত যাওঁক সেই মহামাৰী ক'ৰোনা ভাইৰাছ,
পৃথিৱীত আকৌ শান্তি ঘূৰি আহক...
এয়াই মাথো আমাৰ আশা....!!!
নীলিম অনুৰাগ (মাইনা)
No comments:
Post a comment