অনুৰাধা........
অনুমতিৰ অবিহনেই চোন
তোমাৰ,প্ৰেমৰ চহৰ খনত
বন্দী হৈ পৰিছোঁ
তোমাৰ হৃদয়ৰ কাৰাগাৰত ।
মই জানো,
তুমি কাহানিও অনুমতি নিদিয়া
তোমাৰ মনৰ কাৰেংত
ৰাজকুমাৰ হবলৈ.....
সেই বাবেই মই আঁকোৱালি লৈছোঁ
তোমাক হেৰুৱাৰ ভয়ত
বন্দীত্বৰ জীৱন,তোমাৰ চহৰত
অনুৰাধা.......
মোৰ নোহোৱা বুলি জানিও
ৰচি পেলাইছোঁ তোমাকলৈ
এগালমান ফাগুনী সপোন,
তুমি নজনাকৈয়ে ...
মোৰ মনৰ পথাৰত সিঁচি দিছোঁ,
প্ৰেমৰ কঠিয়া,তোমাৰ নামত ।
আহিবাচোন এদিন,
আঘোণৰ সোণগুটি হৈ....
উপচাই পেলাব মোৰ বুকুৰ ভঁৰাল ।
মই জানো......
তোমাৰ স্মৃতি সুঁৱৰি ,চকুলো নিগৰিব
মোৰ চহৰত ....বাজি উঠিব বিষাদৰ সুৰ
কাৰণ,
মই যে তোমাৰ এক পক্ষীয় প্ৰেমিক
অনুৰাধা........।।
✍উৎপল গগৈ
No comments:
Post a comment