বিস্তাৰিত ক'লা - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

বিস্তাৰিত ক'লা


ক'লা হৈ যোৱা কলিজাৰ নতুন কলি,
ডালে ডালে পাতে পাতে ভৰপূৰ হক
ক'লা ক'লা সপোন,
নালাগে সেউজীয়া
নালাগে ৰঙা ,
নালাগে কিম্বা বাৰেৱৰণিয়া !!

ক'লা মোৰ ওচৰতেই,
বিচাৰিম ক'লা,
আগত পিছত সোৱে বাওঁৱে ,
দুৰতো ক'লা, বহু দূৰত !!
খেদি যাম ক'লা ক'লা সপোনবোৰ ।

ক'লা সত্য, ক'লা অপৰিবৰ্তি,
ক'লা স্থায়ী, ক'লা দীৰ্ঘস্থায়ী
যুগ বহু যুগ .........

নলওঁ ৰঙীন আৱৰণ
নলবা তুমিও,,
মই সত্য,মই সহজ
মোৰ আছে ক'লাৰ আৱৰণ ।

ক'লাতেই আছে মোৰ সকলো,
ক'লা হৈ যোৱা কলিজাৰ নতুন কলি
বিস্তাৰ কৰক মোৰ পৃথিৱীত ।
                      মিদুল আলী ।।

No comments:

Post a comment