অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানসী দেৱীৰ সৈতে হোৱা মত বিনিময় - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানসী দেৱীৰ সৈতে হোৱা মত বিনিময়

জোনাকঃ প্ৰথমতে আপোনাক জোনাক আলোচনীৰ তৰফৰ পৰা আন্তৰিক সম্ভাষন জনালোঁ। আপোনাৰ শৈশৱ আৰু কৈশোৰৰ বিষয়ে জানিব বিচাৰিছোঁ।
মানসী দেবীঃ  ধন্যবাদ। শৈশৱ পিছে শৈশৱৰ দৰে নাছিল।পঢ়া শুনা আৰু খেলা ধূলা আছিল যদিয়ো অন্য লৰা ছোৱালীৰ দৰে মোৰ জীৱন নাছিলে।মানসিক ভাৱে বিশেষকৈ।পৰিবেশ আৰু পৰিস্থিতিয়ে সময়ৰ আগতে চিন্তাধাৰা পৰিপক্ক কৰি তুলিলে।এজনী সৰু ছোৱালীয়ে যি দৰে বস্তুবোৰ ভাৱে মই তেনেকৈ ভাবিব পৰা সুবিধা নাপালোঁ।ভয়, কান্দোন আৰু কিছু হাঁহিৰে মোৰ শৈশৱ পৰিপূৰ্ণ।পিছে বৰকৈ খুলি কব নোৱাৰিম কথা বোৰ যিহেতু ব্যক্তিগত।প্ৰতিজন ব্যক্তিৰ সেইখিনি সুভাগ্য নাথাকে নিজৰ অতীতৰ পাত বোৰ লুটিয়াই আনক পঢ়িব দিবলৈ কাৰণ তাত অকল মই জড়িত নহয়।নিজৰ ভাল বেয়া অভিজ্ঞতা বোৰ বিশ্লেষণ কৰিবলৈ গলে আন বহু মানুহৰ গাত বোকা ছিটিকিব।

পিছে এইখিনিতে কব বিচাৰোঁ যে মই পঢ়া-শুনা একদম ভাল নাপাইছিলোঁ।এতিয়াও নাপাওঁ বিশেষকৈ পৰীক্ষা আৰু প্ৰতিযোগিতা যি ধৰণৰে নহওক।পৰীক্ষাৰ আগত পঢ়া লৈ মাৰ পৰা গৰু পিটন খোৱাটো গতানুগতিক আছিল মোৰ বাবে।পৰীক্ষাৰ এদিন বা দুদিন আগতে পঢ়িছিলোঁ মাত্ৰ ।‌‌‌লক্ষ্য আছিল মাত্ৰ পাছ কৰা। কোনে কিমান বেছি নম্বৰ পাইছে অথবা ফাৰ্ষ্ট বা চেকেণ্ড হৈছে এইবোৰ মোৰ বাবে গুৰুত্বহীন আছিল।মাত্ৰ পাছ হব লাগে কাৰণ ফেইল হোৱাতকে একেখিনি বস্তু আকৌ এবাৰ আৰু এটা বছৰ পঢ়িব লাগিব বুলি বেছি ভয় লাগছিল।
সৰুতে মোৰ নিচা আছিল নৃত্য আৰু খেলা।।গানৰ প্ৰতি মন লাহে-লাহে ঢাল খাইছিল।
প্ৰায় গান ৰেডিঅ'ত শুনি শিকিছিলোঁ।।

কৈশোৰ কাল বৰ বেছি পৃথক নাছিল।মাত্ৰ মানসিক শক্তি আৰু ধৈৰ্য বৃদ্ধি পাইছিল।যিবোৰ বস্তু দেখি বা শুনি ভয় লাগছিল অথবা কষ্ট পাইছিলোঁ । লাহে লাহে সেইবোৰ কথাই দেহ আৰু মনত প্ৰভাৱ নেপেলোৱা হল। যিবোৰ কথা সুধিবলৈ অথবা কবলৈ সাহস নাছিল।। যিবোৰ কথা শুনি ভুল বুলি জানিও মনে মনে শুনিবলৈ বাধ্য হৈছিলোঁ সেইবোৰ কথাৰ প্ৰতি উত্তৰ দিব পৰা হলোঁ ।
যুক্তি পূৰ্ণ ভাবে সময়ে কৰা প্রশ্নৰ উত্তৰ দিবলৈ সক্ষম হলো।

শৈশৱৰ পৰা কৈশোৰ পোৱালৈ সম্পূৰ্ণ মুগ্ধ হৈ পৰিছিলোঁ সংগীতত।।পিছে ঘৰৰ পৰা পঢ়াত গুৰুত্ব বেছি দিছিল।।কৈছিল যে বছৰত কেতিয়াবা এটা দুটা গান গাবা।।কিন্তু জীীৱিকা হিচাপে নহয়।গানে নুশখুৱাই আৰু বহুত কথা তেনেকুৱা যি মই যোৱা বছৰলৈ শুনি আছিলোঁ আৰু মাজে মাজে এতিয়াও শুনা সৌভাগ্য হয়।
মোক এজনী IS অফিচাৰ অথবা ASC অফিচাৰ হোৱাটো বিচাৰিছিল মা-দেউতাই। পিছে এইবোৰত মোৰ একদমে মন নাছিল আৰু নাই।গানৰ বাহিৰে একোকে ভাবিব নোৱাৰিছিলোঁ। প্ৰায় সপ্তম শ্ৰেণীৰ পৰাই লৰা ছোৱালী বোৰক কোৱা শুনিছিলোঁ ডক্টৰ অথবা ইঞ্জিনীয়াৰ হম বুলি আৰু অভিভাৱক সকলো তেনেকুৱাই কিছু কথা আলোচনা কৰা শুনিছিলোঁ। কিন্তু মই মাত্ৰ শুনি থাকিছিলোঁ । মই ভাবি পোৱা নাছিলো পাছলৈ কৰোঁ কি।।তেতিয়া উকালটি পঢ়িব সিদ্ধান্ত ললোঁ যিহেতু উকালটি বহুখিনি ইন্টাৰেষ্টিং বুলি ভাবিছিলোঁ।
 জোনাকঃ আপুনি কেতিয়াৰ পৰা সংগীত জগতত প্ৰৱেশ কৰিছিল আৰু কাৰ পৰা প্ৰেৰণা পাইছিল? 
মানসী দেবীঃ ২০১৬ পৰা সংগীত যাত্রা আৰম্ভ কৰিছোঁ। যদিও সৰুৰ পৰা সংগীতৰ প্ৰতি আগ্ৰহী আছিলো আৰু মঞ্চত কেতিয়াবা দুই এটা গীত পৰিৱেশন কৰিছিলোঁ কিন্তু ঘৰৰ পৰা সংগীত জগতৰ লগত সম্পূৰ্ণভাৱে জড়িত হোৱাটো বিচৰা নাছিল।
যাৰ বাবে মনৰ বিৰুদ্ধে গৈ সংগীত এৰি অকল পঢ়া শুনাত গুৰুত্ব দিবলৈ বাধ্য হলো।কিন্তু শেষত নিজৰ মন আৰু বান্ধীব নোৱাৰিলোঁ। সকলো এৰি ২০১৬ ৰ পৰা অকল সংগীতত লিপ্ত হলো।

মা আৰু লতা মংগেষ্কাৰ মোৰ মূখ্য প্ৰেৰণা। আৰম্ভণিত যদিও মা বিচৰা নাছিল আনৰ কথা শুনি। মোৰ সংগীত যাত্ৰা আৰম্ভণি সম্ভৱ হল অকল মাৰ বাবে।তেওঁৰ প্ৰেৰণা আৰু মোৰ প্ৰতি থকা বিশ্বাস।
লতা মংগেষ্কাৰৰ গান সৰুৰে পৰা শুনিয়ে সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ।
জোনাকঃ এগৰাকী সফল গায়িকা হ'বলৈ হ'লে কি কি গুণৰ অধিকাৰী হ'ব লাগে বুলি আপুনি ভাবে?
মানসী দেবীঃ ১. সুন্দৰ কৈ গাব পৰাটো প্ৰয়োজন
২.সংগীত সাধনা আৰু সংগ্রাম
৩. নিজৰ ভুল আৰু ভাল নিজে দেখিব পৰা গুণ অধিক প্ৰয়োজন যিহেতু শুব কমেই প্ৰকৃততে ভুলটো ভুল বুলি আঙুলিয়াই দিব আৰু প্রায় বহুতে ভাল হলেও ভুল বুলিয়ে কব গতিকে নিজৰ ভুল শুদ্ধ নিজে চাব পৰাটো প্ৰয়োজন।

৩.নিজস্ব থকাটো অধিক প্ৰয়োজন।সকলোৱে কৰা টোকে যে কৰিব লাগিব বা কৰিলে সফল হব তেনেকুৱা কোনো কথা নাই।

৪.চেল্ফ মাৰ্কেটিং আৰু প্ৰমোচন।
জোনাকঃ গীত ৰেকৰ্ডিং কৰাৰ সময়ত আপুনি কোন কেইটা কথাৰ ওপৰত অধিক গুৰুত্ব দিয়ে?
মানসী দেবীঃ গীতটোৰ প্রকৃত অনুভৱ আৰু গুৱাব বিচৰা ব্যক্তি জনে কি ধৰণৰ গায়েকী শৈলীৰে গীত গোৱাটো বিচাৰিছে।
 জোনাকঃ বৰ্তমান আপুনি কিহক লৈ ব্যস্ত আৰু ভবিষ্যত পৰিকল্পনা সম্পৰ্কে জানিব বিচাৰিছোঁ?
মানসী দেবীঃ   বর্তমান সংগীত লৈ ব্যস্ত আৰু  ভৱিষ্যতৰ লৈ যদি জীৱন থাকে তে  সংগীত লৈয়ে ব্যস্ত থাকিব বিচাৰিম।
মোৰ নতুন বিহু গীত জিকমিক আৰু এটি আধুনিক গীত চেঁচা চেঁচা এই দুটি গীত মোৰ মুক্তিলাভ কৰিবলীগীয়া প্রজেক্ট।।
জিকমিক গীতটোৰ দৃশগ্ৰহন সম্পন্ন হৈছে।সম্পাদনাৰ কাৰ্য্য বাকী আছে। মই বহুত বেছি ভৱিষ্যতৰ পৰিকল্পনা নকৰোঁ।
জোনাকঃ আপোনাৰ জীৱনৰ এটা ষ্মৰণীয় ঘটনাৰ বিষয়ে জানিব বিচাৰিছোঁ
মানসী দেবীঃ  মই দশম দশম শ্ৰেণীত
থাকোতে সংগীত প্ৰতিযোগিতাত মোৰ নাম মোৰ লগৰ এজনীয়ে ভৰ্তি কৰাই দিছিল।মোক পিছত কে কৈছিল।
সেইদিনা মই মোৰ নামটো মাতোঁতে খুব ভয়ে ভয়ে গান গাবলৈ মঞ্চত উঠিছিলোঁ।
মানুহবোৰ দেখি ভয় লাগছিল।মাত্ৰ এক মিনিট সময়হে গাবলৈ দিয়া হৈছিল।
সময় পাৰ হলে টিলিঙা বজাই গানটো আধাতে এৰিব দিয়া হৈছিল।স্কুলৰ শ্রেষ্ঠ গায়ক গায়িকা বোৰে গান গাইছিল সিদিনা।বহুতৰ গান আধা হৈ ৰল।
মই মিঠা মিঠা  গীতটি গলো।এক মিনিট পাৰ হৈ গল টিলিঙা নৱজিল।চকু মেলি চালো প্ৰচণ্ড হাত চাপৰি। মই মঞ্চত থাকোতে স্কুলৰ শিক্ষক সকলে আগুৰি ধৰিছিল আৰু মঞ্চৰ পৰা নামৰ  পিছত হলত বহি থকা গোটেই লৰা  ছোৱালীবোৰে উঠি আহি মোক আগুৰি ধৰিছিল।মই ভাবিছিলোঁ মোৰ গান বেয়া হৈছে।কিন্তু গানটো ভাল পাইছিল বিৰাট আৰু মই আচৰিত হৈছিলোঁ কাৰণ তাৰ আগত মই গান ভাল গাঁও বুলি গম পোৱা নাছিলোঁ।সেইদিনা অলপ আত্মবিশ্বাস বৃদ্ধি পালে। স্কুলত সেইদিনা Miss Melody বুলি আখ্যা দিছিল।
জোনাকঃ আপোনাৰ মতে প্ৰেম আৰু জীৱনৰ সংজ্ঞা কি
মানসী দেবীঃ জীৱন মানে প্ৰেম আৰু প্ৰেম মনে সংগ্ৰাম। মিঠা, তিতা আৰু কেঁহা।

প্ৰেম এক অদ্ভুত আচৰিত অনুভৱ। প্ৰেম চকুৰ গভীৰতা।এনেকুৱা এক অনুভূতি যি নভবাকৈ আৰু নজনাকৈ আত্মা স্পৰ্শ কৰি যায়।এনেকুৱা সাহস আৰু মনোবল বৃদ্ধি কৰি তোলে যি প্ৰায়‌ সাধাৰণতে সম্ভৱ নহয়।অসম্ভৱটোকো সম্ভৱ কৰি তুলে।যেতিয়া কাৰোবাৰ বেয়াটো ভাল লগা হয় আৰু সকলো গ্ৰহণ যোগ্য নহয় বুলি জানিও গ্ৰহণ কৰিবলৈ মন যায়। যেতিয়া দুখ কষ্টৰ আভাস পায়ো খোজ থমকি নৰয়। যেতিয়া কাৰোবাৰ নাম, মাত আৰু মুখনি হঠাৎ উঠলৈ হাঁহি লৈ আহে। যেতিয়া কাৰোবাক হেৰুৱাৰ ভয় আৰু পোৱাৰ হেঁপাহে আগুচি ধৰে। সেয়াই প্ৰেম।

জীৱন মানে উশা । উশাহৰ খেলা। উশাহৰ লোকাভাকু।জীবন এক গভীৰ নিশা।
জোনাকঃ আপোনাৰ প্ৰিয় গ্ৰন্থ, প্ৰিয় ঠাই, প্ৰিয় শব্দ, প্ৰিয় ব্যক্তি এই বিষয়ে জানিব বিচাৰিছোঁ
মানসী দেবীঃ প্রিয় গ্ৰন্থ-ভগবদ গীতা। এইখন গ্ৰন্থত কৈ বেছি মই আমোদজনক গ্ৰন্থ পঢ়া নাই এতিয়ালৈ।ইয়াতে সকলো সামূৰ খাই আছে।।মৰম ভালপোৱা,ৰুচি,অৰুচি,জ্ঞান,সম্পর্ক, মানৱ অনুভূতিৰ বহু ৰং,কৰ্ম,চিন্তা, ভুল,শুদ্ধ।।সকলোখিনি।

প্রিয় ঠাই। ঘৰ ।। তাতকৈ বেছি ধুনীয়া ঠাই মোৰ বাবে আৰু কতো নাই।।।।

প্রিয় শব্দ-মা,প্ৰেম আৰু সংগীত।।এই তিনিটা শব্দই মোৰ জীৱনত প্ৰধান স্থান পাই।।।

প্রিয় ব্যক্তি-মা। মা আছে বাবে মই আছো।।মোৰ আটাইতকৈ দুৰ্বল অংগ আৰু আটাইতকৈ প্ৰবল শক্তি, মোৰ প্ৰেৰণা,মোৰ মিত্ৰ,মোৰ নিঃস্বাৰ্থ শুভাকাংক্ষী। মোৰ প্ৰেমিক। মাথো মোৰ মা।
জোনাকঃ সংগীতৰ বাহিৰেও আৰু কি কি কাম কৰি আপুনি ভাল পায়
মানসী দেবীঃ সংগীতৰ বাহিৰে অভিনয়ৰ প্ৰতি বিশেষ ভাবে আকৰ্ষিত।।তাৰ বাহিৰে ৰান্ধি ভাল পাওঁ।মাৰ লগত একেলগে বহি চিনেমা চাই ভাল পাওঁ।নিজৰ কোঠাত আন্ধাৰ পৰিবেশত গীত শুনি ভাল পাওঁ।। লিখি ভাল পাও কিন্তু কবিতা নহয়।।গীত, জীৱনৰ কিছু অভিজ্ঞতা আৰু মনৰ ভাব।।
জোনাকঃ আপোনাৰ ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে তাৰ বাবে আমি কৃতজ্ঞ। আমাৰ শেষ প্ৰশ্ন আমাৰ জোনাক ই আলোচনী খনৰ বিষয়ে আপোনাৰ মতামত জনাব।
মানসী দেবীঃ পুনঃ মই জোনাক আলোচনী লগত জড়িত প্রতিজন কৰ্ম কৰ্তা সদস্যলৈ আন্তৰিক অভিনন্দন জনাইছোঁ। জোনাক আলোচনীখনি গল্প, কবিতা,সংবাদ আদি সকলোৰে পৰিপূৰ্ণ আৰু আমোদজনক। সাহিত্যক জীয়াই ৰাখিবলৈ এনেকুৱা প্ৰদক্ষেপক সচাই সলাগীবলগীয়া।
জোনাক আলোচনীখনি সদায় যুগমীয়া হৈ ৰক তাৰ বাবে মোৰ ফালৰ পৰা অশেষ শুভেচ্ছা আৰু শুভকামনা থাকিল।।
 সাক্ষাৎ গ্ৰহন -  শ্ৰী পবিত্ৰ বৰদলৈ

No comments:

Post a comment