যাক আমি পূজা কৰোঁ - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

যাক আমি পূজা কৰোঁ

 হীৰক
যাক আমি পূজা কৰোঁ,
পাষাণ প্ৰতীমা সাজি,,,
একেষাৰে মানি লওঁ প্ৰেমৰ আকাৰ আৰু আয়তন বুলি |
    তেওঁ জানো আঁকিবলৈ সক্ষম হৈছিল
   প্ৰেমৰ বৃত্ত ?
 থাহনি পাইছিল নে জীৱনৰ বৰ্গক্ষেত্রত ?

 তথাপি কৌণিক ভঙ্গিমাৰে হাঁহি এটা আঁকি
ব্যাসাৰ্ধৰে চিহ্নিত কৰিছিল 
বিন্দুত্বৰ অৱস্থান |

যাক আমি পূজা কৰো.....
প্ৰেমৰ পূৰণ - হৰণত উত্তৰ শূণ্য হৈ
তেওঁ হ'য়তো চকুলো টুকিছিল 
                             এনেকৈয়ে......
তেওঁৰ বাবে তো নাছিল কোনো সূত্র ,  সমিকৰণ
তথাপি তেওঁৰ আউল লাগিছিল |

অংকটো তেওঁৰ বাবে টান নাছিল
যোগক যোগ কৰিলে বিয়োগ ওলাই বুলি 
তেওঁ জানিছিল l 
তথাপি  বিয়োগক বিয়োগ কৰি
যোগক সদায় উলিয়াই লৈছিল |

যাক আমি পূজা কৰোঁ
এক নাটকিয় প্ৰেমাঙ্ক......! 

No comments:

Post a comment