মৃত্যু - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

মৃত্যু

 মৃত্যু হোৱা শৰীৰত উপজিছে 
এজোপা লতা ,‌
সেই লতাৰ মাজত ৰচিত হৈছে এটি গান  ;
বিষাদৰ ।
মোৰ শৰীৰ পৰি ৰৈছে 
অজান , নিৰ্জন, 
শ্মশানত ।
মই পৰি ৰৈছো ।

মই বিলিন হৈছো বতাহৰ স'তে,
মিলি গৈছো ডাৱৰৰ লগত‌।
সেই বিষাদ গান আজি নিমাত ।
                
      ধনজিৎ নাথ 
      তাৰিখ -০৬-০৪-২০২০

No comments:

Post a comment