বহাগ নাহিল - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

বহাগ নাহিল

  তৰুণ মজুমদাৰ

ব'হাগ আহিল
ব'হাগ আহিল !

সহ্য কৰিব নোৱাৰি
কুলিটিৰ অসহায় বিননি
কেনেকে কওঁ সিহঁতক
"আৰু নেমাতিবি,যা...
এইবাৰ ব'হাগৰ অসুখ, ঘা..."

নাচনীৰ কঁকালৰ ভাঁজে- ভাঁজে
বিহুৱা ডেকাৰ দৰে নচা ঢোলটোৱে
ঢুলীয়াৰ কান্ধত ফ'টো উঠিছে দুখমনে।

আকাশত ৰং নাই
বতাহত বিহুগীত নাই
তাঁতশালত গামোচা নাই
খাটিখোৱাৰ জুহালত জুই নাই ।
এইবাৰ ব'হাগত জুবিন গাৰ্গ নাই
নাই মাজৰাতি বৰষুণৰ চোলা পিন্ধা ডেকাৰ 
"ঐ নাহৰ" চিঞৰ ।। 

No comments:

Post a comment