বুকুৰ আপোন দুখবোৰ - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

বুকুৰ আপোন দুখবোৰ

মোৰ বৰ আপোন
সিহঁতবোৰ মোৰ বুকুৰ কুটুম,
মন গলেই কথা পাতো,
হিয়া উজাৰি সিহঁতৰ লগত,
বিনিময় কৰো সুখবোৰ মোৰ
আৰু অনুভৱ কৰো জীৱনৰ সত্তা ।

দুখবোৰ এতিয়া মোৰ নিচেই কাষত
মোৰ সমস্ত শৰীৰ আগুৰি আছে সিহঁতে,
কথা পাতিছে শব্দবোৰৰ লগত
আৰু পাৰ কৰিছে প্রতিটো নিশা উজাগৰে ।
দিনবোৰ আমাৰ মৃত হৈ গ'ল,
সোঁৱৰণীবোৰ মাথো জিলিকি ৰ'ল ।

দুখবোৰে কথা পাতে,
সুখবোৰক দেখি আচৰিত হয়,
জীৱন মাথো গৈ থাকে,
সুখ আৰু দুখৰ দোমোজাত উটি ভাঁহি ।

জীৱনে কথা কয়, জীৱনে হাহেঁ, কান্দে
সুখ আৰু দুখবোৰক বুকুত লৈ,
কাৰণ, জীৱন মানেই যেন
সুখ আৰু দুখৰ এখন দাপোন ।

সচাঁকৈ , দুখবোৰ মোৰ অতিকে আপোন,
দুখবোৰক লৈ মই জীয়াই থাকো,
ভাল লাগে, দুখবোৰৰ মাজত থাকি,
এই যে পংকিল পৃথিৱীখন,
দেখিলেই ভয় লগা, বুকু কঁপি উঠা,
পাহৰি থাকিব বিছাৰো মই
মাথো দুখবোৰক বুকুত সাৱটি ।

✍দীপাংকৰ পাটৰ

No comments:

Post a comment