অন্তিম সাক্ষী - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

অন্তিম সাক্ষী


এদিন হয়তো গুছি যাম 
কোনো নিদ্ৰিত ৰজনীত
কোনো অজ্ঞাত পথলৈ
নিজান নিৰল বনলৈ
হয়তো কোনেও গমেই নাপাব
য'ত নাথাকিব কাৰো বাবে অভিমানী আক্ষেপ
মোৰ বাবে নুঠিব উচুপি কোনেও
সেইদিনা পুৱাও 
সূৰুযে হাঁহিব পূৱত
জোন তাৰও কথা পাতিব
একেই ধিমিক ধামাক পোহৰত
নদীখনো বৈ যাব 
একেই ভটিয়নী পথত
মাথোঁ  শেতেলিত পৰি ৰ'ব 
এটি অক্লান্ত শৰীৰ
যি হ'ব সেই নিদ্ৰিত ৰজনীৰ
অন্তিম সাক্ষী   ।। 
মুন ৰাজবংশী

No comments:

Post a comment