তাইৰ যেতিয়া দুগালে চকুলো বাগৰে
সেই হৃদয়ৰ উচুপনি...
কোনে দেখিছে?
তাইৰ ঠুনুকা হিয়া
টুকুৰা- টুকুৰ হোৱা
সেই ভগ্ন হৃদয়ৰ প্ৰতিচ্ছবি...
কোনে বুজে?
তাইৰ মিঠা হাঁহিটিৰ আঁৰত থকা
সেই বেদনাকাতৰ মুখখনি...
নাই নাই !
নিদিয়ে তাই শুনিব তাইৰ হৃদয়ৰ উচুপনি...
নিদিয়ে তাই চাবলৈ তাইৰ
ভগ্ন হৃদয়ৰ প্ৰতিচ্ছবি...
নিদিয়ে তাই বুজিবলৈ
তাইৰ বেদনাকাতৰ মুখখনি...
তাই ভালেকৈ বুজিলে
মানুহ যে সুবিধাবাদী..
সেয়ে তাই আঁকি লৈছে মুখত
এটি মিছা মিঠা হাঁহি...
তৃষ্ণা শইকীয়া(সুকন্যা)
তিতাবৰ, যোৰহাট
No comments:
Post a comment