বসন্তৰ অপেক্ষাত - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

বসন্তৰ অপেক্ষাত

 ৰাতি সাৰে থাকোঁ
তোমাৰ কথাকে ভাবি
তোমাৰেই বেজাৰত
নুপুৱাই ৰাতি ।
ভাবো মই তোমাৰ কথাকে
ক'তে বা আছাগৈ তুমি
আহিবা কেতিয়া
আছোঁ পদূলি জুমি।

শুনিবলৈ বিচাৰো,
কুঁও কুঁও কুঁও ক'ৰবাত 
মাতিছে নেকি বাৰু।

গছ বোৰলৈ চাওঁ
কুঁহিপাত মেলিছে নেকি
অধীৰ অপেক্ষাৰে ৰৈ,

তোমাৰ বাবেই আছোঁ মাথোঁ
তোমাক আদৰিবলৈ।



ৰাজদ্বীপ শইকীয়া
বোকাখাত

No comments:

Post a comment