তোমাক ক'বলৈ
ক'বলৈ যে অলপো সাহস
বুকুত গোটাবই পৰা নাই অ...
তুমি যে কোৱা
সকলো বিশ্বাস ঘাটক বুলি
তোমাৰেই শপত
আজিলৈকে বিশ্বাসঘাটকতাৰ
টেগটো
মোৰ নামৰ
আগত নতুবা পাছত
ওলমি পৰা নাই।
অ.... ভালপাও তোমাক
বহুত বেছি
কিমান ভালপোও নুসুধিবা আকৌ।
কিয়নো প্ৰকাশ কৰিবলৈ
মোৰ অনুভৱৰ ব্যাকৰণ খনত
শব্দৰ অভাৱ।
এতিয়া....
তোমাৰ হাহিত
হাহিবলৈ মন যায়
আৰু তোমাৰ সুৰৰ
শব্দ.....
অ
এইটোৱেই সচাঁ
হৃদয়ৰ গভীৰৰ পৰা
গভীৰত্বম কোষত
সোমাই থকা মৰমবোৰ
উজাৰি দিবলৈ মন যায় তোমাক।
মোৰ ভালপোৱাত যে নাই
স্বাৰ্থপৰতা
আছে মাথো
তোমাক ভালপোৱাৰ
সম্পূৰ্ণ স্বাধীনতা।।।
বাৰ্বী বৰুৱা
No comments:
Post a comment