প্ৰতীক্ষা - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

প্ৰতীক্ষা

প্ৰভাতীৰ প্ৰথম পোহৰত যেতিয়া বেলিটোৱে
ৰঙীন সুহুৰিয়াই পূব আকাশত মিঠা হাঁহি মাৰিছিল, 
তেতিয়াই হয়তো মোৰ কণমানি হৃদয়খনত, 
ৰঙীন কৰি থিতাপি লৈছিলা তুমি।
মনটোৱে অজানিতে শিহৰিত হৈ উঠিছিল, 
হয়তো ভালপোৱাৰ প্ৰথম পোহৰত, 
প্ৰস্ফুটিত হৈ এপাহ ৰঙা গোলাপো পাহি মেলিছিল।
প্ৰেম হয়তো এনেকুৱাই মাথো, 
আৱৰণ খুলি হৃদয় যোৰাই...... 
  স্মৃতি এনে এক প্ৰেমে
   যি বিচ্ছেদৰ পিছতো                  লগত এৰা নিদিয়ে... 
স্মৃতি সিক্ত হৃদয়েও প্ৰতীক্ষা কৰে, 
এক অন্ত:হীন ক্ষণলৈ।
প্ৰতীক্ষাৰো যে সুকীয়া মাদকতা আছে।
তৃষ্ণাতুৰ মনৰ অবুজ হাবিয়াস, 
আলফুলীয়া মনৰ অনুভবেৰে ধুকি নোপোৱা হেপাহ
আৰু দুৰু দুৰু বুকুৰ কঁপনিৰ লগতে 
মৌন ওঠৰ হাঁহিয়ে পূৰ্ণতা পোৱা মাদকতা
তুমি শেষ নহবা।

          প্ৰতীক্ষাৰ হেঁপাহেৰে জীপাল কৰা এই ক্ষণ, মাথোঁ মোক দিয়া ।
অনুৰাধা বাইদেউৱে থিকেই কৈছিল...... 

       সময়ৰ সুগন্ধি যেতিয়া হৃদয়ত লাগি ৰয়
তেতিয়া জেঠ মাহতো ফাগুনৰ ফুল ফুলে 
সময়ৰ কেলেণ্ডাৰ পুৰণি নহয় ।।
সীমাক্ষী চমুৱা

No comments:

Post a comment