উত্তৰ আধুনিক কবিতা - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

উত্তৰ আধুনিক কবিতা


                      ✍ৰাশ্বেল চৌধুৰী 


সোঁ হাতখনে আমনি কৰিছে
দমৰাটোক স্নানাগাৰতে জবাই কৰিম 

ব্লেড হাতত হৈ থাকোতেই কাণ্ডটো
বাহুত  মাংস পেশী নাই
মূৰত চুলি নাই 
চেণ্ডেলযোৰ মোৰ ভৰিতকৈ দুগুণ দীঘল
মুখত দাড়ি নাই
গোফ নাই 
আনকি বুকুৰ  নিমজ নোমবোৰো 
বিবস্ত্ৰহৈ চিঞৰিছোঁ বাল্টিৰ পৰা নামিবলৈ

মোৰ ক্ৰন্দন শুনিবলৈ কোনোৱে নাছিল
চাবোনটোৱে ঘোঁৰা এটাৰ পিঠিত উঠি
ওঁঠ ভাঙি চাবোনদানীটোক  চুমা খাওঁতে চকু মুদি দিছিলোঁ
কি দৃশ্য গধুৰ গধুৰ চকু
চাবোন আৰু  চাবোনদানী
নাও বঠা নাৱৰীয়া
ঢৌ  সোঁত বতাহ
কি যাত্ৰা 

সময়টো থিয় হৈছিল
পৃথিৱীখন স্থিৰ হৈছল
ভোক লগা নাছিল
নগৰখন থমকি ৰৈছিল
গছৰ পৰা সৰা আমটো শূন্যত ওলমি আছিল
গুলি এটা উৰি আহি কণাছোৱালীএজনীৰ চকুৰ আগত ৰখিছিল 
আৰু তাই অনুমান কৰিছিল জীৱন বিলাসী পোক এটাৰ সুখ

কুশলে থাকা সময়
ব্লেট হাত লৈ ৰৈ আছোঁ তোৰ চলমানলৈ
আহিবা এদিন উৰণীয়া সেতুৰ তললৈ 
য'ত তুমি গুপ্তাঙ্গ দেখুৱাইছিলা খুলি
আহিবা চিগাৰেট হুপি হুপি আমি হিচাপ কৰিম 
বাট খৰচ কিমান থাকিল বাকী

No comments:

Post a comment