জুইফুল কিয় ফুলে... - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

জুইফুল কিয় ফুলে...


    ইলামণি শইকীয়া
ফাগুনৰ বলীয়া বতাহজাকে
নগৰখনৰ বুকুত অঘৰী সপোন এটা ৰচে
ফাগুন ফাগুন বতাহে শিমলুক উচটাই কলিজাৰ ৰঙাৰে আকাশ ফুলাবলৈ৷
হ’ব পাৰে-
ফাগুন এজাক ধূলিয়ৰী বৰষুণৰ নাম
হ’ব পাৰে-
ফাগুন এখন ধূসৰ নদীৰ নাম৷

শিপা হেৰুওৱা মানুহক
ফাগুনেই ফুচফুচাই কয়-
অস্থিৰ-উদভ্ৰান্ত হৈ জীৱনক চুহি খোৱা...
ঘূৰি আহা হিল্লোল সময়লৈ৷

জুইফুল কিয় ফুলেৰ ঠিকনা
থাকে মাথো-ফাগুনৰ বুকুত
--------------------------------

No comments:

Post a comment