প্ৰেম ..... - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

প্ৰেম .....


এটা সুমথুৰ শব্দই মোক বিন্ধিছিল
সন্মুখৰ পৰা, মোৰ ফালে নোচোৱাকৈ,
ইপাৰ সিপাৰ নহল,
মূৰটো ভাঙি হৃদয়ৰ কৰবাত ৰৈ গল !

মোক হত্যা কৰি উধাও হৈছিল
মই মোক বিচাৰি গৈছিলোঁ,
শব্দৰ হাতত মোক দেখি
খিলখিলাই হাহিছিলোঁ
ক'ত যে হেৰাইছিল সি !
নিচা আৰু ৰাগী নে সেই শব্দত ?

শিৰা কোচ খাইছিল,ভাগৰি গৈছিলোঁ,
যৌৱনৰ সোণোৱালী পথাৰত শুই গৈছিলোঁ...
শব্দৰ নুপুৰৰ ৰুনজুন ধ্বনিয়ে মোক জগাইছিল,
ঘ্ৰাণ লৈছিলোঁ মই সিহঁতৰ,
সন্ধিয়াৰ লগ্ন হেৰুৱা নাছিল সিহঁতে
জোনাক অপেক্ষাত ! ............
জোনাকক সাক্ষী কৰি দুৱৰি গছকি
কৃষ্ণচূড়াৰ পৰশত অলেখ পিৰিতি তাত । 

লেবেজান হৈ পথাৰখন আকোঁৱালি
তাতেই পৰি ৰ'লো,,,
কোনো আক্ষেপ নাই, দায়বদ্ধতাও নাই ,
কাৰন প্ৰেম এনেকুৱাই ।
তুলা কাঁইটেৰে বন্ধা মই ।।
             মিদুল আলী 

No comments:

Post a comment