নীৰে ক'লে নীলাই হাঁহিলে.. - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

নীৰে ক'লে নীলাই হাঁহিলে..

সেইযে তাৰ ওচৰৰ বিচনাখন;সেইখনেই যেন তাৰ দুচকুৰ আন্ধাৰখিনি আনিলে।কাষৰ বিচনাখনত শুভ্ৰবগা কাপোৰখন উৰি নীলাই সপোন ৰছিচে।তাইৰ দেহৰ ভাঁজবোৰে বতাহৰ লহৰে লহৰে যেন সুৰ মিলাইছে।তাৰ চকুযুৰিত লাহে লাহে সমস্ত অৱকাশে আৱৰি ধৰি নীলাৰ শূণ্যতাৰ নৃত্য তাইৰ সমুখৰ পৰা লাহে লাহে কাঢ়ি নিছে।চাৰিওফালে কেৱল ধোঁৱা-কোঁৱা আৰু থিক তাৰপাছতেই সমস্ত অন্ধকাৰ।তাৰপাছত কি হ'ল সি নাজানিলে;মাথো কিছুপৰলৈ অনুভৱ কৰিলে শূণ্যতাই গ্ৰাস কৰা জীয়া শিলৰ ক্ৰন্দণ।
             নীৰে বৰফৰ দেশত দুহাত মেলি দিছে।আকাশৰ ফালে চাই সি দুচকু মুদি বতাহজাকক অনুভৱ কৰিছে।নীলা পাছফালৰ পৰা দৌৰি আহি নীৰৰ দুবাহুত খামুচি ধৰিছে আৰু নীৰে তাইক সমুখৰ ফালে টানি তাইৰ কপালত চুমাৰে উপচাই তুলিছে।নীলাই আজি লাজ কৰিছে;শুকুলা মেঘে জোনটোক ঢাকি দিয়া দৰেই দুহাতেৰে ঢাকিছে মুখ।নীৰে কাৰু-কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে ছাহজাহানে তাজমহল চোৱাৰ দৰেই নীলাক চাইছে।আকাশ,বতাহ সকলো যেন এতিয়া সিঁহতৰ।নীলাই নীৰৰ হাতৰ মুঠিৰ পৰা নিজকে মুক্ত কৰি এখনি ৰঙীন চিলাৰ দৰেই সমুখৰ বৰফজাকৰ ফালে দৌৰি গৈছে আৰু আৰু মুঠি মুঠি বৰফ নীৰৰ গালৈ দলিয়াইছে। নীলাৰ 
দুষ্টামীবোৰত নীৰ হাঁহিছে আৰু গাত লগা বৰফবোৰৰ চেঁচা পৰশত সি উচাপ্ খাই উঠিছে।
                   ক'ত আছে নীৰ..! নিজকে এটা অচিনাকী কোঠাত দেখি সি আচৰিত হৈ উঠিল। নীলা,নীলা,নীলা...! নীলৰ চিঞৰত কোঠাটোত পুনৰাই ক্ৰন্দনৰ ৰোল বাগৰিল। মাক-দেউতাকহঁতৰ চকুপানীবোৰতহে সি সকলো বুজি উঠিল। সি নীলাৰ সৈতে সপোনতহে বৰফৰ দেশত বিচৰণ কৰি ফুৰিছিল।তাৰ দুচকুৰে পুনৰাই হিম নিগৰিল। নীলা গ'লগৈ...! নীৰৰ বুকুত ভালপোৱাৰ অনুৰাগ ঢালি তাই গ'লগৈ..! উফ্ প্ৰেমৰ বাবেই কি আত্মবলিদান দিলে তাই..! যোৱাৰ পৰত দুয়োটা বৃক্ক বিকল হোৱা নীৰক নিজৰ বৃক্ক দান দি তাই গ'লগৈ..! 
                নীৰ অৱশ হৈ পৰিল পুনৰাই;দুচকু মেলিব খুজিও সি বাৰে বাৰে হতাশ হৈ পৰিল। তথাপি সকলোকে সি তাক নীলাৰ ওচৰলৈ নিবৰ বাবে কাতৰে অনুৰোধ কৰিলে। নীলাৰ কাষ পাইয়েই নীৰে নীলাৰ দুহাতত খামুচি ধৰিলে। নীৰৰ মাকে আউলি-বাউলি হৈ চিঞৰি চিঞৰি কান্দি নীৰক ক'লে "নীলাই আমাক এৰিলে নীৰ,নীলাই আমাক এৰিলে..!" নীৰে একো নক'লে।মাথোন সি নীলাক ঢাকি থোৱা বগা চাদৰখন আঁতৰাই তাৰ আঙুলিটো তাইৰ কপালৰ আলিবাটত ফুৰালে আৰু মিচিকিয়া হাঁহি এটা মাৰি সকলোকে ক'লে "নীলাই হাঁহিছে..!"
নীৰৰ কাণ্ডত সকলো আচৰিত হৈ উঠিল। কিন্তু সি বাৰেপতি ক'লে নীলাই হেনো হাঁহিলে।

✍মধুস্মিতা হাজৰিকা

No comments:

Post a comment