সোণালী চৰাই - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

সোণালী চৰাই

সমীৰ ভূষণ বৰা
                           
যি দিন ধৰি
সোণালী চৰাইৰ পাখিত ধৰি উৰি আহিলোঁ
দুখৰ পৰা উঠি আহিলোঁ ঠিকেই
সুখত আছোঁনে ? উত্তৰহীন হ'লোঁ।‌

সোণালী চৰাইৰ প্ৰিয়- মেঘৰ চকু
সেয়ে মোৰো প্ৰিয় হৈ পৰিছে বৰষুণ
অথচ মই জানিব পৰাই নাই-
সোণালী চৰাইৰ মেঘৰ চকুত
সুখ নে দুখৰ বাৰিষা অনবৰতে !

সোণৰ গৰ্ভত সোণৰ সপোন
সোণৰ চকুত সোণৰ চকুলো
সোণৰ মুখত সোণৰ চামুচ
সোণৰ পাখিত সোণৰ সময়
সোণালী হওক বুলি কলিজাৰ আটাইবোৰ হেপাঁহেই
তেওঁৰ নাম থলোঁ 'সোণালী চৰাই'
         

No comments:

Post a comment