উইল ইউ বি মাই ভেলেন্টাইন - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

উইল ইউ বি মাই ভেলেন্টাইন

     
"এই ঠাণ্ডাখনত ইমান  ৰাতিপুৱাই কোনে যে ফোন কৰি থাকে নহয়..!" মবাইলটো বাজি উঠাত ভোৰভোৰাই উঠিল তাই।  মবাইলৰ শব্দটো কাণত  নপৰাকৈ মূৰটো গাৰুটোত গুজি দিলে তাই।তীব্ৰ অশান্তিত যেন ভুগিল কস্ত্তৰী..! হঠাৎ তাইৰ মনলৈ আহিল এনেকৈ দেউতাকে এদিন ফোনটো ৰিচিভ নকৰাৰ বাবেই এক্সিডেন্ট হৈ ককায়েকৰ মৃত্যু হোৱাৰ কথা। কথাটো মনত পৰিয়েই তাই একেজাঁপে বিচনাৰ পৰা টেবুলৰখনৰ ওচৰ পালেগৈ আৰু মবাইলটো ৰিচিভ কৰিলে..!
: গুদ্ মৰনিং চুইটহাৰ্ট..! তোৰ হ'বলা উঠিবলৈ হোৱাই নাই..?
: গুদ্ মৰনিং..!তইয়ো যে বৰষা..!জানই মোৰ ৰাতিপুৱা সোনকালে টোপনি পূৰ নহয়..!
: হ'ব দে খঙ কৰিব নালাগে..! আজি যে ভেলেন্টাইন ডে' পাহৰিলি নেকি..? মন্দিৰ যোৱাৰ কথা আছিল আজি;উঠ সোনকালে..!
: উম হ'ব দে..!
      এঙামুৰি মাৰি কস্ত্তৰীয়ে মৱাইলটো থ'লে আৰু পুনৰাই বিচনাত বহি পৰিল। যোৱা দুইবছৰ আগতে অচীন হৈ থকা চহৰখনত বৰষাই তাইৰ একমাত্ৰ লগৰী।প্ৰথমতে কাষৰ দুই-এঘৰে মাত-বোল কৰিছিল;কিন্তু পিছলৈ তাইৰ বেমাৰটোৰ বিষয়ে জনাৰ পাছত তাইক মাত-বোল কৰাও বন্ধ কৰি দিলে। কেনেকৈনো সহ্য কৰিব অচিনাকী মানুহবোৰে; বেমাৰটোৰ কথা জানি তাইৰ মাহীমাকৰ অত্যাচাৰ আৰু নিজৰ দেউতাকৰেই চোন অৱহেলাবোৰ দিনক দিনে বাঢ়ি গৈছিল। অৱশ্যে তাই নিলাভৰ পৰা নিজেই আঁতৰি আহিছিল।
              আজিকালি তাইৰ অকলশৰেই ভাললাগে।আলোচনীৰ কামবোৰ,কবিতাবোৰ আৰু তাইৰ একমাত্ৰ  সংগী বৰষাৰ লগত কটোৱা হাঁহিবোৰ;এইবোৰেই যেন কস্ত্তৰীৰ জীৱন। বৰষা সঁচাকৈয়ে আনতকৈ বেলেগ;কস্ত্তৰীৰ বেমাৰৰ কথা জনাৰ পাছতো তাই কস্তুৰীৰ সংগ দি আহিছে। কস্ত্তৰী খেয়াল ৰাখি আহিছে।বৰষাৰ দৰে প্ৰকৃত মানুহ পাবলৈ পৃথিৱীত টান আৰু সেইবাবেই কস্ত্তৰীয়ে বৰষাক বান্ধৱী হিচাপে পাই গৌৰৱ অনুভৱ কৰে..!পুনৰাই কস্ত্তৰীৰ মবাইলৰ স্ক্ৰীণখন উজ্বলি উঠিলে। বৰষাৰ মেছেজ...
: অই পাগলী আকৌ শুলি নেকি..?যা সোনকালে গা ধুই আহ;মই ব্ৰেকফাষ্ট বনাইছো,মোৰ ৰুমতে খাবিহি..!
: উম হ'ব দে..!
মবাইলটো থৈ কস্ত্তৰী মন্দিৰলৈ বুলি সাজু হ'বলৈ গ'ল।

                মন্দিৰলৈ বুলি সাজু হৈ কস্ত্তৰীয়ে তাইৰ   ৰুমৰ থাপনাখনত ধূপ এডাল জ্বলাই কাকুতি ঘোষা গাই নেদেখাজনক সেৱা জনালে।আগতে নিলাভে তাই ঘোষা গালে একান্তমনে শুনিছিল।তাইৰ মাতটোৰ কথা কৈ বাৰে বাৰে প্ৰশংসা কৰিছিল। আজি সেই নিলাভৰ ওচৰত তাই নাই। কেনেকৈ বা আছে সি,ক'ত বা আছে..! কুশলে আছে নে নাই;সুখী হ'ব পাৰিছেনে নাই..!এইবোৰ ভাবি কস্ত্তৰীৰ বুকুখন মোচৰ খাই উঠে..! যাহওঁক তাই নিজৰ লগতে তাইৰ প্ৰেমক বিপদৰ ফালে টানি আনিব নোৱাৰে..! আজিৰ দৰে প্ৰত্যেকদিনাৰ প্ৰাৰ্থনাত নিলাভ জিলিকি ৰ'ব তাইৰ বুকুত..!তাই প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে,তাই নিলাভৰ হ'ব নোৱাৰিলে..!কথাবোৰে প্ৰায়েই কস্ত্তৰীৰ দুচকু সেমেকাই তুলে;কিন্তু তাই নিজক বুজায় আৰু সেইসময়খিনিতেই বেছিভাগ আলোচনীৰ কাম কৰিবলৈ লয়..!
               নিলাভ আৰু ঘৰখনৰ পৰা আঁতৰি থকাৰ এই দুইবছৰত পাৰ কৰা ভেলেন্টাইন ডে' দুটাত কস্ত্তৰীয়ে নিলাভৰ প্ৰিয় গুলপীয়া লতাৰে পাতল কপাহী কাপোৰসাজ পিন্ধি মন্দিৰ গৈছে আৰু নিলাভৰ কুশলতাৰ বাবে প্ৰাৰ্থনা কৰি আহিছে।আজিও তাৰ ব্যতিক্ৰম নহ'ল..!মন্দিৰলৈ বুলি পূজাৰ থালখন হাতত তুলি লওঁতেই কলিং বেলটো বাজি উঠিল।দেৰি হৈছে বুলি কস্ত্তৰীৰ একপ্ৰকাৰে খঙেই উঠিল;খঙটো একাষৰীয়া কৰি তাই দৰ্জাখনৰ ফালে আগুৱাই গ'ল..!নীলৰঙী দৰ্জাখন তাই গাৰফালে টানি দিলে আৰু মুহূৰ্ত্ততে তাই এটা শিলৰ মূৰ্তিলৈ যেন পৰিণত হ'ল। নিলাভে তাইক সাৱটি ধৰি সৰু ল'ৰাৰ দৰেই উচুপি উঠিল।উচাট মাৰি আঁতৰি গৈ কাষৰ চকীখনত বহি পৰিল কস্তুৰী..!তাই নিলাভক প্ৰশ্ন কৰিলে...

: কিয় আহিছা নিলাভ..? মই কাহানিবাই তোমাৰ পৰা আঁতৰি আহিছো;পুনৰাই মোৰ ওচৰত অহাৰ যুক্তি কি..?
: কিয় এনেকৈ আঁতৰি ফুৰিছা কস্ত্তৰী..? ক'ত ক'ত বিচৰা নাই মই তোমাক..! পাগলৰ দৰেই হৈ পৰিছো;এনেকৈ অকলশৰীয়া নকৰিবা কস্ত্তৰী..! বহুত ভালপাওঁ তোমাক..!
: চোৱা নিলাভ মোৰ তোমাৰ প্ৰতি কোনো অনুভৱ,অনুৰাগ নাই..! মুঠতে তুমি মোৰ বুকুত নাই..! মোক মোৰ মতে থাকিব দিয়া..!
: অনুভৱ,অনুৰাগ নাথাকিলে কিয় আজিৰ দিনটোত মোৰ প্ৰিয় সাজযোৰ পিন্ধিছা..? আৰু চাওঁ এই হাতখনত মই দিয়া খাৰুপাত আৰু আঙুঠিটো কিয় আজিও সাঁচি ৰাখিছা..! দলিয়াই দিয়া সিঁহতক;ভাঙি পেলোৱা মোৰ সমুখত..!
: নাই মই তেনে কৰিব নোৱাৰো..! প্লিজ আঁতৰি যোৱা;প্লিজ মোক অকলশৰে থাকিব দিয়া..!
: যাম দিয়া আঁতৰি..! এনেও বেছিদিন জী নাথাকো..!
: জীয়াই থকা নথকাৰ কথা কিয় আহিল..?
: মই এইডচ্ ৰোগী কস্ত্তৰী..! এই সময়খিনিত অন্ততঃ অলপ তোমাৰ সান্নিধ্য দিয়া..!
: এইবোৰ কি কৈছা তুমি? এইয়া হ'ব নোৱাৰে..! মিচা নক'বা নিলাভ..!
: কিয় হ'ব নোৱাৰে..!তোমাৰ হ'লে মোৰ কিয় হ'ব নোৱাৰে কোৱা..! মোক বৰষাই সকলো কৈছে আৰু মই এতিয়া বৰষাৰ ৰুমৰ পৰাই আহিছো..!
: নিলাভ...?
: অ' কস্ত্তৰী মই জানো তুমি যে সেই সোণাৰি গাঁৱত চিকিৎসা কৰিবলৈ গৈ এইডচ ৰোগীক দিয়া বেজিৰে তোমাৰ জ্বৰত সেই একেটা চিৰিঞ্জ ব্যৱহাৰ কৰি মাৰাত্মক ৰোগটোত আক্ৰান্ত হ'লা আৰু মোৰ পৰা আঁতৰি আহিলা..!
: এইবোৰ সকলো মিছা নিলাভ। বৰষাক মই মিছা কৈছিলো;মই আন কাৰোবাক ভালপাওঁ..!
: কাক ভালপোৱা ক'ব পাৰিবা..?প্ৰমাণ দিব পাৰিবা তুমি যে আনৰ..? কিমান আৰু ফাঁকি দিবা কস্ত্তৰী..? মই জানো তুমি মোৰ সুখৰ বাবেই মোৰ পৰা আঁতৰি আহিছা..? কিন্তু তুমি কিয় বুজিবলৈ চেষ্টা নকৰা যে মোৰ সুখবোৰ কেৱল তোমাৰ লগত..? তোমাৰ সুখত এখোজ পাছত আৰু তোমাৰ দুখত এখোজ আগত থাকিব খুজো মই..! সেয়ে মইয়ো এইডচৰ বীজ ইচ্ছাকৃতভাৱে মোৰ হাস্পতালৰ ৰোগীৰ পৰা মোৰ দেহত ৰোপণ কৰিলোঁ। তুমি নহ'লে মোৰ টকা-পইচাৰ একো মূল্য নাই।
: নিলাভ কি কৰিলা এইবোৰ..! মোৰবাবেই কিয় তুমি নিজক শেষ কৰিলা..!
       হুকহুকাই কান্দি উঠিল কস্ত্তৰীয়ে।
: মোৰ জীৱন,মোৰ প্ৰেৰণা,মোৰ সাহস সকলো তুমি কস্ত্তৰী। তুমি নহ'লে মই একেবাৰেই শূন্য। প্লিজ এতিয়াটো মোক নিজৰ বুলি স্বীকাৰ কৰা। মই সকলো সময়তে তোমাৰ সাহস হ'ম।
: প্লিজ নিলাভ আৰু নক'বা..!
: আজি দুবছৰে নোকোৱাবোৰ আজি ক'ম কস্ত্তৰী..! আজি তোমাৰ কোলাত শান্তিৰ উশাহ ল'ম। মাথো এটা কথাৰ উত্তৰ মোক দিয়া..!
: কি কথা..!
: উইল ইউ বি মাই ভেলেন্টাইন...!
             ‌কিবা ক'ব খুজিও যেন ক'ব নোৱাৰিলে কস্ত্তৰীয়ে।মাথো নিলাভৰ বুকুত সোমাই হুকহুকাই উঠিল। নিলাভে তাইৰ কপালত চুমাৰে উপচাই তুলিলে আৰু তাৰ বুকুত সামৰি ল'লে তাইক;থিক নীলপৱনে দীপালীক সামৰি লোৱাৰ দৰেই..!

          ✍✍মধুস্মিতা হাজৰিকা

No comments:

Post a comment