মাত্ৰ দুমাহৰ আগত বিবাহপাশত আৱদ্ধ হোৱা মাৰ্চী বৰাই কিয় আত্মহত্যাৰ পথ বাচি ল'লে ? - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

মাত্ৰ দুমাহৰ আগত বিবাহপাশত আৱদ্ধ হোৱা মাৰ্চী বৰাই কিয় আত্মহত্যাৰ পথ বাচি ল'লে ?

"অভি, ফাইনেলী মই বহুত সুখী এতিয়া। মা-দেউতা(শাহু-শহুৰ)ই মোক খুব মৰম কৰে। নিজৰ ছোৱালীৰ নিচিনাকৈ ৰাখিছে।"
  
                                  কিন্ত তাই গ’লগৈ...

দুমাহ আগত এজনী নকইনাৰ এটা ভিডিঅ' ভাইৰেল হৈছিল। চিনি পাইছে? এইজনীয়েই Mercy Borah.. হাইয়াৰ ছেকেণ্ডেৰীত মোৰ ক্লাছমেট আছিল। মোৰ অতিকৈ আপোন বান্ধৱী। ভিডিঅ'টোত আমি সবেই দেখিছিলোঁ, বিয়াৰ দিনা তাইৰ সুখ তাইৰ মুখত জিলিকি আছিল। প্ৰেম বিবাহ হৈছিল তাইৰ। বহু বছৰৰ যুঁজৰ মূৰত নিজৰ ভালপোৱাৰ সৈতে যুগ্ম-জীৱনৰ পাতনি মেলিছিল। 

অলপ আগত খবৰ পালোঁ, তাই Suicide কৰিছে! বিশ্বাস কৰিব পৰা নাই। খবৰ ল'লোঁ তাইৰ পৰিয়ালৰ লোকক ফোন কৰি। হয়, খবৰটো সঁচা। শহুৰেকৰ ঘৰৰ পৰাই তাইৰ মাকক ফোন কৰি জনালে, তাই বোলে আত্মহত্যা কৰিলে।

তাই সৰু থাকোতেই দেউতাকক হেৰুৱাইছিল। দেউতাক আলফাত আছিল। আৰ্মীৰ গুলিত শ্বহীদ হৈছিল। ২০১২ চনৰ পৰাই তাইৰ সৈতে মোৰ বন্ধুত্ব আছিল। তাইক নিচেই কাষৰ পৰা পাইছিলোঁ। অত্যন্ত সাহসী আছিল তাই। জীৱনলৈ বহু ধুমুহা আহিছিল। সকলোবোৰ ধুমুহাৰ সৈতে সাহসেৰে যুঁজিছিল। সেই যুদ্ধৰ সাক্ষী আৰু সহযোগী আছিলোঁ মই নিজেই।

কোনোপধ্যে মানি ল'ব নোৱাৰোঁ তাইৰ আত্মহত্যাৰ খবৰটোক। তাই ভয়াতুৰ নাছিল। তাই মোক যুঁজিবলৈ শিকাইছিল। এসময়ত তাই মোৰ সাহস আছিল আৰু মই তাইৰ। শেষ মূহুৰ্তলৈকে যুঁজি যুঁজি তাই নিজৰ প্ৰেমক সফলতাৰ মুকুট পিন্ধাবলৈ সক্ষম হৈছিল। তদুপৰি কাৰ্বি আংলঙৰ ভিতৰুৱা গাওঁ এখনৰ পৰা ওলাই আহি নগাঁৱত অকলশৰে থাকি HS আৰু ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। হেজাৰ সপোন বুকুত বান্ধি জীয়াই আছিল তাই। মোক তাই কৈছিল, "অভি, মোৰো এক্টিং কৰিবৰ মন। তহঁতৰ চিনেমাত ল না মোক।"

তাইৰ বিয়াৰ দিনা যাব পৰা নাছিলোঁ। অভিমান কৰি আছিল বহুদিন। পিছত এদিন কৈছিল, গুৱাহাটী আহিয়েই হেনো মোক লগ কৰিব আৰু খুব পিটিব। বিয়াৰ পিছত তাই মোক কৈছিল, "অভি, ফাইনেলী মই বহুত সুখী এতিয়া। মা-দেউতা(শাহু-শহুৰ)ই মোক খুব মৰম কৰে। নিজৰ ছোৱালীৰ নিচিনাকৈ ৰাখিছে।"

কেইদিননো হৈছিল বিয়া হোৱাৰ? আৰু আজি এনেকৈ, তাইৰ আত্মহত্যা কৰিবলৈ বাধ্য হ'ল? নাই মানি ল'ব নোৱাৰোঁ মই। ৰহস্যৰ গোন্ধ পাইছোঁ তাইৰ মৃত্যুৰ আঁৰত। শহুৰেকৰ ঘৰতেই নিশ্চয় কিবা এটা হ'ল। বিয়াৰ আগত গিৰিয়েকৰ লগত বহুবাৰ সৰু সৰু কথাত কাজিয়া হৈছিল। কাজিয়া ইমান বেয়ালৈকে গৈছিল যে তাই মানসিকভাৱে ভাঙি পৰিছিল। তথাপি যুঁজিছিল। হাৰ মনা নাছিল কোনোদিন। মাক-ভায়েকৰ মুখলৈ চায়েই তাই সপোন দেখিছিল জীৱনত সফল হোৱাৰ। ভায়েকক ভালদৰে পঢ়োৱাৰ মন আছিল তাইৰ। সি ডাঙৰ মানুহ হোৱাটো চাব বিচাৰিছিল। স্বাভিমানী ছোৱালী এজনী এনেকৈ মৰি যাব নোৱাৰে। 

তাইৰ মৃত্যুক কাহানিও স্বাভাৱিকভাৱে ল'ব নোৱাৰোঁ। নিজৰ জীৱনত অত্যন্ত ব্যস্ত হোৱাৰে পৰা তাইৰ সৈতে ভালদৰে যোগাযোগ নাছিল। তথাপি সৰু-ডাঙৰ প্ৰতিটো কথা তাই মোক জনাইছিলেই। যদি তাই খুব বেছি সমস্যাত থাকিল হয়, মোক নিশ্চয় যোগাযোগ কৰিলে হয়! তেনেস্থলত মোক একো নোকোৱাকৈয়ে তাই এনেকৈ গুছি গ'ল? ই অসম্ভৱ। মাত্ৰ ৫ দিন আগত তাইৰ লগত কথা পাতিছিলোঁ। মেছেজ দিছিল, মোৰ খবৰ লৈছিল। তাই একেবাৰে নৰ্মেল আছিল!

এয়া হঠাৎ হৈছে! কিবা এটা নিশ্চয় ঘটিল। হয়তো শাৰীৰিকভাৱে নহয় মানসিকভাৱে নিশ্চয় তাইৰ ওপৰত অত্যাচাৰ চলিছিল। ৰহস্য ফাদিল হ'বই। 

বিড়ম্বনা!! আজি কান্দিব খুজিও কান্দিব পৰা নাই। চকুপানী ওলোৱা নাই। কষ্ট পাইছোঁ। বহুত বেছি কষ্ট পাইছোঁ। সহ্য কৰিব পৰা নাই মই। 

মাৰ্চী, তোৰ ওচৰত মই দোষী। প্ৰয়োজনত তোক সময় দিব নোৱাৰিলোঁ। তোৰ বিয়াতো যাব নোৱাৰিলোঁ। কিমানবাৰ যে লগ পাব বিচাৰিছিলি! সময়েই উলিয়াব নোৱাৰিলোঁ। তোৰ ঘৰলৈ যাম যাম বুলি কৈ থাকোতেই গ'ল। এনেকৈ গুছি যাবি বুলি ভাবাই নাছিলোঁ অ'!

(অভিজিৎ লস্কৰৰ ফেচবুক লিখনি)

No comments:

Post a comment