অবিৰত - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

অবিৰত

প্ৰতিবাদ নিৰবিচ্ছিন্ন
অগ্নিশিখা হৈ আজি ৰাইজ ৰণোৱা
বজ্ৰনিনাদ হৈ ৰণশিঙা বাজে,
ৰজাৰ নিশাৰ ঘুমটি হৰে ।

নিশাৰ শিলুৱা এন্ধাৰে কি আমাক ৰোধিব ? 
পুৱতিৰ ৰক্তাভ সূৰ্য যে আমাৰ লক্ষ্য ।

বজ্ৰ আমাৰ কন্ঠ , বুকুত সাহস অদম্য ।
আঁজুৰি আনিমেই আমাৰ জন্ম স্বত্ব , 
আমি অপ্ৰতিৰোধ্য ।

সুব্ৰত দুৱৰা

No comments:

Post a comment