কায়া - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

কায়া

দিন ঈশ্বৰে মোক প্ৰাণ দিলে
শীত আৰু তাপৰ জৰায়ুত
যেতিয়া মই আইৰ পেটত সোমাই আছিলো
মই গমেই পোৱা নাছিলো 
যে মোৰো এখন ঘৰ আছে
মই তেতিয়ালৈ কাকো চিনি পোৱা নাছিলো 
আনকি মোক পেটত লৈ থকা আইকো ৷

ভোক আৰু পিয়াহৰ কথাই মোক বিচলিত কৰা নাছিল
চকুলো আৰু হুমুনিয়াৰ পাৰ্থক্য কি সেইয়াও বুজা নাছিলো
এনেতে আন্ধাৰৰ সিপাৰৰ পৰা মোক ঠেলি ঠেলি 
এদিন পোহৰৰ বাটেৰে মোক পঠিয়াই দিলে
কোনোবাই মোক কন্দুৱালে
কোনোৱাই আলাসতে নাম এটি ৰাখিলে
মোৰ কান্দোনত মোক বেৰি থকা মানুহজাকে হাঁহিলে
আৰু তেতিয়াৰ পৰাই মোক ভগবানে সময় দিলে
লোৱা এইখিনি তোমাৰ সময়
এইবোৰ তোমাৰ মানুহ, এইবোৰ তোমাৰ কুটুম ৷
সময়ৰ বাকৰিত সকলো পাহৰি জীৱনৰ ৰংত মতলীয়া হলো 
সুখ আৰু আনন্দৰ জোৱাৰত সময়বোৰ বৰফ হৈ গলি থাকিল
কাঁইটিয়া চিলা এটিয়ে মাজে মাজে বুকুত উৰে
ডাক্তৰ , ঔষধ আৰু হস্পিতালৰ বিচনাত মোৰ চুলিবোৰ 
নিমখ যেন বগা হৈ আহি থাকিল ৷
এনেকৈয়ে মোৰ সমস্ত অহংকাৰ এদিন এডাল লাখুটিত স্তব্ধ হ’ল
আৰু সেই সময়তে
ঈশ্বৰে ক’লে মোৰ লগত ব’লা
তোমাৰ সময় শেষ হৈছে ৷

সকলো বস্তুৱে মোৰ পৰা কাঢ়ি লোৱা হ’ল
চিৰাচৰিত নিয়ম অনুসৰি চকুলো মচি মোক বিদায় সম্ভাষণ জনাইছে সকলোৱে 
আনকি মোৰ হাতৰ মৰমৰ আঙুঠিটোও খুলি পেলোৱা হ’ল
মোৰ বুলি ইমান দিনে অহংকাৰ কৰিছিলো যি 
সেইয়াও মোৰ স’তে দিয়া হোৱা নাই 
মই ক্ৰোধত ফাটি পৰিছিলো 
আৰু 
ঈশ্বৰক সুধিছিলো

এইবোৰ কাৰ?
তেওঁ কৈছিল -এইবোৰ জগতৰ
তোমাৰ পৰিয়াল আৰু অহংকাৰ এই মাটিৰ
মই মাথো তোমাক সময় দিছিলো 
যি ভোগ কৰিলা সেইয়া পৃথিৱীৰ
যাক লৈ গপত ওফন্দি থাকিলা সেইবোৰ জীৱন পথৰ সহযাত্ৰী মাথো 
মই মাথো তোমাক সময় দিছিলো ৷
মই কান্দিব পৰা নাছিলো
লাহে লাহে মই তপত অনুভৱ কৰিলো আৰু 
মোক বেৰি থকা মানুহজাক লাহে লাহে অদৃশ্য হ’ল ৷

প্ৰণৱ কুমাৰ দাস
বাক্সা (অসম)
৯৯৫৭৪৬৭৪১২

No comments:

Post a comment