মৃৎ - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

মৃৎ

 ✍মৌচুমী বৰা
   
           
ইতিহাসৰ ছবিবোৰে গীত জুৰে,
মোৰ বুকুত,
বতাহে নাচে ছেওঁ ধৰি হালি জালি,
পলসূৱা ৰঙত শিমলূৰ কেচেমাকেচেম সুবাসৰ,
বিননি লয় আৰু ক্ষয় হয়,
মোৰ অৱচেতন বুকুৰ কুটীৰত,
মাজৰাতি শ্মশান অদৃশ্য জীওঁৰ,
সমাপ্তিহীন যুজ-বাগৰত,
মোৰ বুকুয়ে যন্ত্ৰনাত কান্দে,
ৰৈ থাকো কোনোবা আহিব আহিবকৈ,
শুনাম মোৰ শাম নকটা,
প্ৰাপ্তি বিস্তৃতিৰ কোলাহলত,
শিমলুৰ কেচেমাচেম সুবাসৰ কত গাথাঁ!
মই ইতিহাসৰ সাক্ষী হৈ পৰি থাকিম,
উৰে ৰাতি,উৰে জীবন,
বুকুত হাজাৰ পলাসী ৰং সানি,
তুমি অহাৰ বাটেৰে ৰৈ থাকিম,
প্ৰাপ্তিৰ কোলাহলত জাহ যোৱা পৰিয়ালৰ,
ৰং দেখুওৱাবলৈ,
ৰজা-মহাৰজাৰ যুঁজ বাগৰত নিচিহ্ন হোৱা,
শিমলু সুবাসৰ সাক্ষী মই!
জয়াৰে বিননি সোঁৱৰি,
সেমেকে আঁচলৰ আগ,
নিদাৰুণ সময় স্মৃতি বুকুত বান্ধি,
অচেতন মই চিৰকাল,
ধূলি উৰুৱাই যোৱা গধূলিয়ে,
নোসুধে পুৱাৰ খবৰ,
ৰৈ আছো যুগ যুগ,
ৰৈ থাকিম যুগ যুগ,
কালিবোৰৰ ছবিবোৰ,কাহিনীবোৰ বুকুত লৈ,
বুৰঞ্জীয়ে মোৰ খবৰ নাৰাখে,
মোৰ কাহিনীহে লক্ষ্য!
বুজিব কোনে মোৰ ব্যথা।

No comments:

Post a comment