ফিল্মফেয়াৰৰ মঞ্চত নৃত্য প্ৰদৰ্শন কৰি কি ক'লে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই ? - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

ফিল্মফেয়াৰৰ মঞ্চত নৃত্য প্ৰদৰ্শন কৰি কি ক'লে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই ?

অসমত ইতিমধ্যে ৬৫তম ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠিত হয় আৰু ইয়াৰ যোগেদি অসমৰ কৃষ্টি-সংস্কৃতি বিশ্বৰ দৰবাৰত প্ৰতিস্থিত হ'ব বুলি কিছু লোকে মত পোষণ কৰিছে । কিছু লোকে গুৱাহাটীক বলীউডৰ দ্বিতীয় সংস্কৰণ বুলি উল্লেখ কৰাও দেখা গৈছে । সীমিত সময়ৰ বাবে গুৱাহাটী ভৰি পৰিছিল অক্ষয় কুমাৰকে আদি কৰি বহুতো দামী-দামী তাৰকাৰে । উক্ত অনুষ্ঠানত বলীউডৰ তাৰকা ৰণবীৰ সিং, আয়ুস্মান খোৰানা , অক্ষয় কুমাৰকে আদি কৰি অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাইয়ো নৃত্য প্ৰদৰ্শন কৰিছিল ।   জানিব পৰা মতে
ফিল্মফেয়াৰ ৰ দৰে বিশাল মঞ্চত নিজৰ জাতি-সংস্কৃতিক প্ৰতিনিধিত্ব কৰিবলৈ পাই গৌৰৱবোধ কৰিছে অভিনেত্ৰী গৰাকীয়ে ।লগতে জনায় যে “ আপোনালোকৰ মৰম, বিশ্বাস আৰু আশীৰ্বাদৰ অবিহনে এয়া কেতিয়াও সম্ভৱ নহ'ল হয় ।"

No comments:

Post a comment