গণবিক্ষোভ আজি
চৌদিশে হাহাকাৰ জোৰ সমদল
শুন হেৰৌ
জুই স'তে খেলা কৰা
কোন তই জাতিদ্ৰোহী অসমীয়া
আইৰ সতি সন্ততিৰ কৰুণ ৰোদন দেখি
এবাৰলৈও কঁপা নাই নে তোৰ হিয়া ....
আইক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈ
বিয়পাইছ বিদ্ৰোহৰ লেলিহান শিখা
ক্ষমতাৰে বলিয়ান হৈ
পাহৰি পেলাইছ
আইৰ বুকুৰ অমৃত সুধা
৮৫৫ জনক হেৰুৱাই জ্বলি থকা আইৰ বুকুৰ
জুইকুৰা নৌনুমাওতেই আকৌ লগালি
বুকুৰ কুটুমৰে সংঘৰ্ষ
পুনৰ দপদপাই জ্বলি উঠিছে একুৰা জুই
জাতি মাটি ভেটিৰ স্বাৰ্থত
নিজকে নগ্ন কৰিবলৈ কুণ্ঠাবোধ নকৰা
খিলঞ্জীয়া অসমীয়াৰ
শুনিছ নে (?) কেতিয়াবা কৰুণ আৰ্তনাদ
তই দেখিছয়ে চোন দেশপ্ৰেমীৰ তেজত
টগবগাই দৌৰা হেজাৰ ৰণুৱা ঘোঁৰাৰ সমদল
এতিয়া
গাদীৰ স্বাৰ্থত উঠা বহা কৰা
তহঁত যে বদনৰ দল
পাৰ যদি আহ উলাই শৰাইঘাটলৈ
তহঁতকো দেখুৱাই দিও
আমাৰো শিৰাই শিৰাই প্ৰৱাহিত হৈ আছে
লাচিত মুলাগাভৰুৰ তেজ
দৰকাৰ হ'লে বিনা দ্বিধাই দিম আত্মবলিদান
হাতত তৰোৱাল লৈ ৰাখিম অসম আৰু অসমীয়াৰ মান ।।
ঊষামণি শইকীয়া ।
জালুকবাৰী , গুৱাহাটী -- ১৪
No comments:
Post a comment