অনুপ অসমীয়া "সপোন এটা" - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

অনুপ অসমীয়া "সপোন এটা"

লঙৰ সিফালে পুখুৰী
মাজতে
এখন শ্মশান !
তাৰ পৰাই ভাঁ‌হি অহা
ধোঁ‌ৱাময় ঈশ্বৰে
চিনাকি দিয়ে
উলংগ শৰীৰৰ বগা চেলেং!!

দুখন চিতা জ্বলি থাকে
চিতাৰ কাষতে খেলে শৈশৱে 
ৰাগবীৰ দৰে এবিধ খেল!

আচম্বিতে ছিটিকি আহে বলটো 
মূৰৰ পৰা বৈ আহে 
ৰঙানৈৰ উশাহ ..

ফাগুনী বতাহে উৰাই ধূলি
কপৌৰ ৰুণৰ দৰে 
তেজে কাটে বুকুৰ উকি!!

অনুপ অসমীয়া

No comments:

Post a comment