বৰ্ণালীৰ "সেউজীয়া" - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

বৰ্ণালীৰ "সেউজীয়া"


আজি সেউজীয়াবোৰৰ মাজত নিজকে লুকুৱাবলৈ সেউজীয়াৰ অভাৱ। 
সেউজীৰে ভৰি তুলিব পৰাকৈ আজি সেউজীয়া নাই মোৰ আসে - পাশে। 
মানু্হে কাটিছে মানুহৰ স্বাৰ্থত..
ৰুবলৈ পাহৰি গৈছে সেউজী আইক।
হাবি - জংঘল কাটি কৰিছে বাসস্থান।
থাকিবলৈ ঠাই নাইকিয়া জীৱ জন্তুৰ।
সেউজীবোৰ কাটি তহিলং কৰিলে মানৱে।
সেউজীবোৰৰ ফাঁকেৰে সূৰ্য্যটো চাবলৈ বৰ ভাল লগা..
উঠিয়েই সেউজীয়াৰ ৰঙ চকুত পৰিলে দিনটোৱেই শুভ।
কিন্তু সেউজীয়াবোৰ জানোঁ এতিয়াও আছে...
নিঃশেষ হৈ গৈছে হাবি - জংঘল আদি বোৰ।
সেউজীবোৰ হেৰাল কোনো দিশে।
বনৰী জন্তু পাইছেহি ঘৰ.. 
হাবি - জংঘল নাইকিয়া.. 
সেউজীয়া হেনোঁ তহিলং হল। 

✍️বৰ্ণালী ডেকা

No comments:

Post a comment