পপী শইকীয়া "জুইকুৰা" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

পপী শইকীয়া "জুইকুৰা"

জুইকুৰা আকৌ জ্বলিল
৮৩ ৰ  সেই আন্দোলনৰ জুইকোৰা..
এটিৰ প্ৰতিবাদী কণ্ঠ 
আজিও মন আছে 
চিঞৰ মাথোঁ চিঞৰ
এই জুই জ্বলিছে..... 
এই জুই জ্বলিব ইত্যাদি --
ৰিণিকি ৰিণিকি মন পৰে
সেই চিঞৰলৈ 
কিবা এটা শংকাৰে
কণমানি বুকুখন কঁপি উঠিছিল..
আইৰ বুকুত মুৰ গুজি
ভয় শংকাৰে শুই গৈছিলো ৰাতিটোলৈ ।

এতিয়াও  দেখুন
 সেই জুই আকৌ জ্বলিছে
আমি জানো আকৌ আইৰ বুকুত
কুছিমুছি কৈ সোমায় থাকিম ??
নে সেই জুইত জাপ দিম !

পপী শইকীয়া
বোকাখাত

No comments:

Post a Comment