দাদুমণি বৰা "মাগন্তা" - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

দাদুমণি বৰা "মাগন্তা"


পেটত গাঁঠি   মুখত বিষাদ
কান্ধত শূন্য জোলোঙাটোৰ স'তে
থৰক-বৰক খোজত
তেওঁ আগবাঢ়ে উন্মাদ চহৰ খনত।


ভোক-পিয়াঁহবোৰে থৰকাছুটি হেৰুৱাই
মুমূৰ্ষ কৰি আনে কঁপনিৰ উশাহ।
লাখুটিত ভৰ দি তথাপি আগবাঢ়ে
কিজানিবা,মৌন ওঁঠত জিলিকি উঠে
এমুঠি সুখৰ হেঙুলীয়া আভা।।

✒দাদুমণি বৰা,যোৰহাট।

No comments:

Post a comment