ভৱিষ্যতে নিজেই যেতিয়া এদিন
লুটিয়াই চাব অতীতৰ পাত
আৰু ৰাজপথত নেদেখিব তোমাক
বিচাৰি নাপাব ভিৰৰ মাজত
নেদেখিব ছহিদৰ শাৰীত
কৰিবনে ক্ষমা সময়ে তোমাক
নাহাঁহিবনে ইতিহাসে দেখুৱাই দাঁত
আহা হে' অসমীয়া বাজলৈ ওলাই
সময় কাৰো শত্ৰু নহয়
সময় কাৰো বন্ধু নহয়
সময় কৃষ্ণ
হ'ব বিচাৰে মাথো সাৰথি তোমাৰ
যুগে যুগে তোমাকেই অৰ্জুন সজাই
লোৱা হে' সমনীয়া তুলি নতুন গাণ্ডিৱ
এইয়া যে নতুন যুগৰ মহাভাৰত
এইয়া যে নতুন যুগৰ কুৰুক্ষেত্ৰ!
-সাগৰ
No comments:
Post a comment