মধুস্মিতা হাজৰিকাৰ "ছাৰপ্ৰাইজ" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

মধুস্মিতা হাজৰিকাৰ "ছাৰপ্ৰাইজ"

আৰু কিমান বাট চাব তাই আকাশলৈ..! সিটো চাৰে তিনি বজাত এইখিনি পামহি বুলিয়েই কৈছিলে; এতিয়াটো পাঁচ বাজিবৰে হ'ল।পাৰ্কখনলৈ অহা প্ৰায়বোৰ মানুহেই ঘৰলৈ গ'ল। সি ফোনটো ৰিচিভ কৰা হ'লেও তাই কিবা এটা উমান ল'ব পাৰিলেহেঁতেন, কিয় বা ফোনটো কাটি দিছে সি..! তাই ঘৰলৈকে যাবগৈ নেকি.! ঘৰলৈ যাবলৈও আছেনো কোন..? তাই অকলশৰীয়া বাবেই আকাশে অনাথ আশ্ৰমৰ পৰা তাইৰ হাতত তুলি দিয়া তাইৰ একমাত্ৰ  লগৰী কণমানি জিউজনীও এইকেইদিন উইনটাৰ কেম্পত আছে।
                     লাহে লাহে সন্ধিয়াও হৈ আহিছে; সমীৰৰ মৃত্যুৰ প্ৰায় ৭ বছৰৰ পাছত তাই আজি প্ৰথমবাৰৰ বাবে এনেকৈ কাৰোবালৈ অপেক্ষা কৰিছে। বুকুৰ অভিমান বোজা মুখত আঁকি কাষৰ বেঞ্চখনতে বহি পৰিল তাই।বেঞ্চখনৰ কাষতে ফুলি থকা 'ফৰগেট মি নট্' ফুল জোপাৰ পাতবোৰতেই তাই যেন অভিমানবোৰ উজাৰি দিব খুজিছে। তাই থিৰাং কৰিলে তাই ঘৰলৈ যাব আৰু আকাশক কাহানিও ফোন নকৰে; কিন্তু হাতত থকা গোলাপৰ থোপাটোলৈ চাই তাই ভাবিলে তাই আজি আকাশক মনৰ কথা কৈহে যাব।তাই যে আকাশৰ আগত সদায় কৈ থকা তাইৰ একপক্ষীয় প্ৰেম আকাশৰ বাহিৰে আন কোনো নহয় তাকেই আজি তাই প্ৰকাশ কৰিব। পাৰিবনে তাই আকাশক ক'বলৈ..! কিয় নোৱাৰিব,পাৰিব লাগিব। নহ'লে এনেদৰে আৰু কিমানদিন অকলশৰে থাকিব..! দুৰ্ঘটনাত সমীৰৰ মৃত্যু হোৱাৰ পাছত আকাশেইটো তাইক পুনৰাই থিয় দিব শিকাইছে..! তাই কেৱল আকাশৰ লগতেই সুখী হ'ব পাৰিব। হয়তো কাইলৈৰ পৰা তাই এই একেখন বেঞ্চতে আকাশৰ কান্ধত মূৰ থ'ব আৰু আকাশে তাইৰ মূৰত হাত বুলাই তাইক তাৰ বুকুৰ মাজত সোমোৱাই ল'ব। কথাবোৰ ভাবি তাইৰ অভিমান গুচি আকাশলৈ বুলি লানি নিছিগাকৈ মৰম তাইৰ বুকুত বৱলৈ ধৰিলে; কথাবোৰ ভাবি তাই লাজতে নিজৰ দুচকু ঢাকিলে।
হঠাত্ কিবা এটা শব্দত তাই উচপ্ খাই উঠিল। অহ এয়াচোন মেঘে গাজিছে..! দুই এটুপাল বৰষুণে তাইৰ দুগাল চুমিছে। উম তাই থিকেই ধৰিছে; এইয়া আকাশ অহাৰ অাগজাননী। আকাশ আহিলে মেঘে গাজে আৰু চৌপাশে বিয়পি পৰে এজাক শান্তিৰ বৰষুণ।বেঞ্চখনত কুঁচি-মুচি হৈ বহি তাই স্কাৰ্ফখনেৰে নিজকে ভালকৈ মেৰিয়াই ল'লে।

: নীলা...!
      কাৰোৱাৰ মাতত থতমত্ খাই উঠিল তাই।
: অ' আকাশ..! ক'তনো আছিলা...? ইমান সময় হ'ল মই ইয়াত ৰৈ থকা।
: মই বুজিছো নীলা। তোমাক দিম কোৱা চাৰপ্ৰাইজটো আনিবলৈ যাওঁতেহে মোৰ দেৰি হৈ গ'ল।
: এতিয়া মোৰ সময় নাই; কি চাৰপ্ৰাইজ আছিল সোনকালে দেখুওৱা..!
: ৰাধা...! 
        আকাশৰ মাতত আকাশৰ পিছফালৰ পৰা আগুৱাই আহিল এটি নাৰীমূৰ্তি।
: নীলা এওঁয়েই সেই চাৰপ্ৰাইজটো..!
: মই থিক বুজা নাই আকাশ।
: নীলা এইয়া মোৰ প্ৰেয়সী ৰাধা আৰু ৰাধা এইয়া মোৰ শ্ৰেষ্ঠ বান্ধবী নীলা।
            উফ্ কি শুনিছে এয়া নীলাই। পৰিস্থিতিটোৰে নিজকে মিলাই ৰাধাক সাৱটি ধৰি ক'লে "সুখী হোৱা দুয়ো।"
: নীল মই এতিয়া যাওঁ;বহুত দেৰি হ'ল।
        হাতৰ ঘড়ীটোলৈ চাই তাই চকুলো লুকুৱালে।
: আমি অলপ আগবঢ়াই দিওঁ নহ'লে নীলা..?
: নালাগে আকাশ তোমালোকে কথা পাতা; মই অকলেই যাব পাৰিম।
               আকাশক কথাষাৰ কৈয়ে তাই পাৰ্কখনৰ পৰা বাহিৰে বাহিৰে শ্মশানখনৰ দিশে আগবাঢ়িল। ফুলৰ থোপাটো সমীৰৰ কবৰত থৈ তাই কবৰটো সাৱটি উচুপি উঠিল। সমীৰেও তাইক যেন সাৱটি লোৱাৰ দৰে তাই অনুভৱ কৰিলে আৰু কাণত জীৱিত অৱস্থাতেই তাইক সমীৰে কোৱা কথাষাৰ বাজি থাকিল "প্ৰেম মানেই নহয় প্ৰাপ্তি; ত্যাগৰো আন এটা নাম প্ৰেম!"

No comments:

Post a Comment