হৰেণ শইকীয়াৰ "হে সভাসদ দেখহঃ শুনহঃ" - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

হৰেণ শইকীয়াৰ "হে সভাসদ দেখহঃ শুনহঃ"


      ন -খাবলৈ দাইটিয়ে মাতিবলৈ আহিয়েই বকলা মেলিলে । বুজিছ পুতকন ," যোগ্য ভোগ্য বসুন্ধৰা " যোগ্যতা নাথাকিলে  ভোগ কৰিব নোৱাৰ ।একোঠলীয়া ঘৰ ,গা টোকে ঘূৰাব নোৱাৰা হগনাতলি ' মাহেকত দুশ পঞ্চাশ টকা বৃদ্ধ পেঞ্চন ,এটকীয়া চাউল , গেছ কানেকচন ফি আৰু লাগে কি  ? আৰু যদি লাগেই তোৰ যোগ্যতা আছে যদি গোটাই ল , বাধা দিব কোনে ?  নাই যদি চিঞৰ বাখৰ কিয় ।ভোটো দিবি ৰজাও পাতিবি , ৰজাৰ নিদেৰ্শকো নামান ই কেনে কথা । ৰজাই ভাল দেখে যাক ভেটি ও দিব তাক ।  প্ৰজাৰ কি আহে যায় ।
           শকতি আছে যদি , চৰণীয়া মাটিত কাকো বহিবলৈ নিদিবি । ৰাইজ খন মিলি মেচি দা ঘুৰাই কচুকটা দিলেই হ'ল । ঘৰতে দম দি খেদিবলে আহে চকুৱা লাখুটিয়ে মাঠা ফালি দিলেই  হ'ল , কিহৰ হুলস্থুল ।
         হেৰ' অসমীয়া ,তোক ভাষা লাগে মাটি লাগে , পিচে পদূলীয়ে পদুলীয়ে ভগা-চিগা  বিচৰা  ফেৰিৱালা , চানাৱালা ,নাপিত ,দোকানী কেইটা আনকি বাটত হঠাতে লগ পোৱা জনৰ লগতো বিজতীয়া ভাষাতহে  ( হয় হিন্দী নহয় ঢাকাইপতি) বকলা মেল , লাগিলে সি একে অসমীয়াই হওক । ইফালে জনজাতি লাগে জনজাতি লাগে । কিন্তু একগোট হৈ ৰজা বিৰুদ্ধে  মাৰ বান্ধিব  নোৱাৰ । লগ লাগিলে গাত খৰ উঠে হবলা । বাকীবোৰৰ কথা নকলোৱেই  ক'লে ৰামায়ন -মহাভাৰত হ'ব ।                         
        ইফালে অনবৰতে দপদপনি , মাতৃভাষা ৰক্ষা কৰ মাতৃভাষা ৰক্ষা কৰ । চিঞৰ-বাখৰ কৰা কেইটাই  ল'ৰা -ছোৱালীক ইংৰাজী স্কুলত পঢ়াবলৈ হেতা ওপৰা লগায় । সাহিত্যিক পেঞ্চন পোৱা পিচতে পুতেক জীয়েক হঁতক ইংৰাজী স্কুল খুলি দি বেপাৰ কৰাই । কিমাননো ক'ম , বেলি ওলোৱা পৰা বেলি পৰালৈকে ক'লেও  ওৰকে নপৰে । কৈয়ো লাভ নাই ডাঙৰে বাট দেখুৱাই ,সৰুৱে পিচ লয় । আমিনো কোন কুটা । ক'বলৈয়ো ভয় " ডাঙৰে  কৰিলে লীলা , সৰুৱে কৰিলে ধৰি বান্ধি কিলা " ।
       মাটি । হেৰ' মাটি কেলেই থাকিব লাগে । মাটি থাকিলে আনে সীমাহে ঠেলিব। খেতিও কৰিবলৈয়ো লাজ লাগে । থাকিও লাভ নাই । " আছে গৰু নাবায় হাল ,থকাতকৈ নথকাই ভাল " । অসমীয়াৰ নাম নুমোৱা কেইটাই 'ফৰ্থ গ্ৰেড, থাৰ্ড গ্ৰেড চাকৰী পায়েই  পিতায়ে খেতি কৰি পৰিয়াল পোহপাল দিয়া মাটি পাঁচ বিঘা বিক্ৰী কৰি নগৰত আধা কথা মাটিত তিনি কোঠালী বাহটো সাজিবলৈ মাটি কিনি ডাঙৰ মানুহ বোলাই জাতি -মাটি ৰক্ষা কৰিবলৈ শ্ল'গান দিব পাৰিলেই হ'ল । 
          সেই মাটি এনেই পেলাই থোৱাতকৈ খেতি কৰিবলৈ মানুহ লাগে আহিবলৈ দিবহে লাগে ।চিঞৰ বাখৰ কিহৰ । কথাতে কয় "দেখাক দেখি উঠিল গা , কেতুৰীয়ে বোলে মোকো খা "  খেতি এৰি  তহঁতি হবি নগৰীয়া । গাঁৱৰ মাটি কেইদৰা ৰখীয়া এটা লাগে । মানুহ লাগেহে । অসমত যিমান অসমীয়া ঘৰ আছে আৰু সিমান মানুহ লাগে তেতিয়াহে ৰুপিত মাটি কেইদৰা চমজাই বাঙ্গালুৰ কেৰেলা আদিলৈ যাব পাৰিব । পৈতৃক মাটি কেইদৰা চমজাই ৰাষ্টাত নেতা হৈ ইজি মনি ল'ব পাৰিব । বাপেকেও পুতেকে কষ্ট পাব ভাবি , ঘোচ খোৱা দুইনম্বৰী টকাই নগৰতে ভাৰা ঘৰ সাজি ভাৰাতীয়া টকাই তিনিপুৰুষলৈকে আজাদীকে চলিব , বুকু ফিন্দাই ক'ব  মোৰ বেটাৰ চিন্তা নাই ।
        সেই তেতিয়াই দেখিলো নহয় , ছয় বছৰীয়া আন্দোলনৰ সময়ত  নিজেই আধাখুন্দা হলো ।হোৱাত আপৰ্তি নহ'ল হেঁতেন যদি কাম ফেৰা হ'ল হেঁতেন ।" খেদ ঐ খেদ বিদেশী খেদ "এই জ্বলিছে জ্বলিবই "।পিচে বিদেশী খেদা সলনি আহিল । জুই জ্বলিল নিজৰে ,এশ দুশ নহয় , সাতশৰো ওচৰা-ওচৰি জ্বলিল । তাৰ পিচটো হাবিলে গৈয়ো মৰিল । এগালৰ ককাল ভাগিল নিঠৰুৱা হ'ল । বিদেশী খেদা সলনি উজনিলৈ ৰোৱনী দাৱনী আমদানী হ'ল । মাছে-শাকে সিহঁতি যোগানৰ ঠিকাদাৰ হৈ বৰপিৰা পাৰি বহিল । বিদেশী খেদা  ঠিকাদাৰ কেইটাৰ বৰঘৰ শুৱনী কৰি ৰান্ধনিও হ'ল । ঠিকাও ঠিকা অসমখন টিকালৈকে চুচিল । ৰজা ভঙা-পতা কৰিবৰ পৰা বৰ গোহাঁই , বুঢ়াগোহাঁইও  হ'ল । আগতে গোহাঁই আছিল তিনি চাৰি জন , আন্দোলনৰ পিচত ডাৰেক্ট পঁছিশ জনৰো অধিক হ'ল ।                  
       কথাৰ মাজতে দাইটিক কলো ," অসমত অসমীয়া ৰাজ্যভাষা চিন্তা নকৰিবি " । ক'বলৈহে পালো , বকলা কমক চাৰি বাঢ়িলহে  । হেৰ' পুতকন "ৰজাৰ ফটা কথা এবাৰ তিতিল  যি তিতিলেই , কোনোদিনে নুশুকাই ।  তাহানি অফিচ-কাছাৰীত যি ভাষা আৰম্ভ হ'ল , হ'ল যি হলেই । অসমীয়া ভাষী বাঢ়ক চাৰি কমিল হে  ,আগতে অফিছৰ ভিতৰতে ,এতিয়া কি বোলে পাতশালা স্কুললৈকে ইংৰাজীত হে অৰ্দাৰ আহে । কৰ্ট-কাছাৰী সবতে । কথাই কথাই হকে-বিহকে ইংৰাজীৰ ধূন লগাই লেকচাৰ দিয়ে । মাতৃভাষা লাগে বুলি কেপ কেপাই থকা কোনটো অফিচাৰে ,কোনটো প্ৰফেছাৰে অসমীয়াত লিখে মোক দেখুৱাই দিব পাৰিবি । পাৰিলে মই মোৰ সাঁচতীয়া টকা কেইটা তোৰ নামত  লিখি দিম । মাজতে কিবা বোলে নিচাত পৰি অসমীয়া মাধ্যমত পঢ়োৱা কোব এটা পৰি ,জাতীয় শব্দ লগাই পঢ়াৰ নামত বিদ্যাৰ বেপাৰ  চলি , চৰকাৰী বিদ্যালয়ৰ মূৰত মাৰ এচাট মাৰিল । এতিয়া সেই অনাও দেলে । ধূপা ধূপা গোন্ধ আহিলেই।গাঁৱে গাঁৱে ইংৰাজী স্কুলৰ গজালি মেলিছে ।
         ঔটেঙা বাকলি গুচোৱা দৰে আসমীয়া ভাষাৰো  বাকলি গুচাই থাক ।  মই টাই ভাষী ,মিচিং , দেউৰী , বড়ো ' তিৱা . উৰিয়া ,মুঠতে আগৰ মৰি যোৱা ভাষা জীয়াব লাগে , সাত ৰাজ এক কৰি চাওলুং চ্যুকাফাৰ দিৱস পাতিলেই হ'ল ।গুৰু জনাৰ নামত ডাঙৰ ডাঙৰ মেলা পাতিব লাগে ।ভাগৱত কীৰ্তন মুখস্থ কৰি মগু প্ৰসাদ খাবলৈ নামঘৰত খেল খেল কৰিব লাগে । তাকে দেখি এচামে বাহিৰৰ বোৰেই ভাল বুলি আকোঁৱালী ল'ব লাগে । মুঠতে " বাহিৰে ৰং চং ভিতৰি কোৱা ভাতুৰি " হ'ব লাগে ।বাৰ মাহত তেৰ মাহ ডকা-হকা দি টকা তুলি উৎসৱ পাতিব লাগে ।  
        ঐ পুতকন কেপ বুলোতেই মনত পৰিল  , এই কেপটো কোনে পিন্ধিব ? দাইটি কেপ নহয় কেব হে ।ক'বলৈহে পালো"বহাৰ পৰা জাপ মাৰি উঠিল । তই মোক মূৰ্খ বনাব নোৱাৰ ।কেপেই , কেপ মানে টুপি হয় নে নহয় , ঠান্দা বতৰত  মিল নাইকীয়া অসমীয়া  কেইটাৰ মূৰত টুপি পিন্ধাই  দিব বিছাৰিছে ।ভালহে পাব লাগে । ফিৰতে সবে টুপি পাব । টুপি পিন্ধ শুই থাক । তাহানি ধোদৰ দৰে " পি পু , সি শু " ,কৰিলেই হ'ব । হেৰ' তহঁতৰ কাম নাই , তাহানিতে নগা . অৰুণাচল ,মিজো ,মেঘালয় ভাইহঁতে বেলেগ হৈ বৰ ভাল কৰিলে ।
        কেপ পিন্ধ। নিপিন্ধিলেও হেচা মাৰি পিন্ধাব কি ডাল কৰিবি । সংৰক্ষন বিচাৰিবি আৰু কি কৰিবি ,সংৰক্ষন বিছাৰিবি কাজিৰঙা গড় চাবলৈ অহা দৰে মিল নোহোৱা নিজৰ মাজতে খোৱা কামোৰা কৰা অসমীয়া সোপাক চাবলৈ আহিব ।ৰজা আৰু পালি ৰজাই কৰ পাব । NGO ই টকা দিব বৰ মজা হ'ব ।সেই টকাৰে বাগৰি বাগৰি শুব পৰা বিছনা বনাই লবি , বাগৰি বাগৰি শুব পাৰিবি ।                          ১৯৬০চনত অসমীয়াক ৰাজ্য ভাষা কৰিবলৈ গৈ কেইটামান জ্বলিছিল ।১৯৭২ চনত ৰাজ্যভাষা আইন  হ'ল ,তাৰ পৰা কিডাল হ'ল ।তাৰ পিচতে অসমীয়া  ৰাজ্য ভাষাৰ লগতে বাংলাও সহযোগী  হ'ল । বৰাক বাদ দে , লামডিং তিনিচুকীয়াত বাংলাই জয় বাংলা জয় বাংলা দি থাকে । সেইবাবে পাৱাৰফুল ছাৰে বিধান সভাতে কৈ দিলে জয় বাংলা । বৰ ভাল কৰিলে । এদিনটো হ'বই গতিকে বিধান সভাত প্ৰথম জয় বাংলা কোৱা জনৰ কথা বুৰঞ্জীত লিখা থাকিব । আমাৰ ছাৰ বৰ টেঙৰমানুহ , নাম লিখালেই ।
          সবে নকলী কেপ পুৰিছে । আচল কেপ পুৰিব পৰাটোহে আচল কাম । আনক জ্বলা । নিজে নজ্বলিবি । টুপি বনোৱাই বনাই থাকক ,  আমি নিপিন্ধো । হেৰৌ অসম ৰাজ্যত থকা মূলৰ জাত কেইটা লগ লাগিবৰ হ'ল । তই নিজকে কিমান ফাঁকি নিদিয় মই ব্ৰাহ্মন ,গোস্বামী , আহোম , মই চুতীয়া , কোঁচ ,লালুং ,মৰাণ, মটক সোনোৱাল , চিংফৌ , মিচিং , তিৱা , ঠেঙাল , কছাৰী, কলিতা কায়স্ত, হাজং ,বড়ো ,তিৱা ,কাৰ্বি ডিমাচা ,ৰাভা ,বুলি  এসময়ত তহঁতৰ সৱৰে আছিল ৰজা । চাহ জনগোষ্ঠী তহঁতিও নাথাকিবি বহি জাগি উঠ জী উঠ । হোজা হৈয়ে থাকিবিনে তহঁত ।আনক ভেটি দি মৰিশালী ক'ত পাতিবি । ধৰ্ম বেলেগ হ'ব পাৰে হিন্দু -মুছলিম খ্ৰীষ্টান  ।পন্থ বেলেগ হ'ব পাৰে সত্ৰীয়া ,সংঘ ,কেৱলীয়া , মাহেকীয়া ,এঘাৰ দিনীয়া ,মৃতকক পুতা , জ্বলোৱা আদি পৃথখ হ'ব পাৰে ।' জাতি অসমীয়া  । মনত ৰাখিবি অসম থাকিলে তহঁতি সৱ থাকিবি।
         সেই মোৰ শ্ৰদ্ধাৰ ' সংগঠনৰ নেতা সকল আপোনাৰ সবৰ ওচৰত মই আঠু লৈ কাবৌ কৰিছোঁ ভাই ভাই মত বিৰুদ্ধ এৰি  আইৰ আচলত ধৰ , নহলে ৰাজসভাত দ্ৰোপদী বস্ত্ৰ হৰণৰ লগতে সিহঁতি আইৰ স্তনো হৰণ কৰিব । সাৱধান নিজে নমৰিবি । মৰিলে পাণ্ডৱৰ দৰে বংশ উচন হ'ব ।                        দাইটি কি হ'ল জানো মুখেৰে ফেনাবলৈ ধৰিছে ,হেৰা পানী আনা ., পানী আনা বুলি শ্ৰীমতীক চিঞৰ লগাই চকুৱে-মুখে পানী চটিয়াই দিয়াতহে দাইটিয়ে উশাহটো ঘূৰাব পাৰিলে ।ওঁম কৃষ্ণ ।
         দাইটিয়ে উশাহটো পাই আকৌ বকিবলৈ লাগিল । জাগি উঠ জী উঠ  হেৰ' অসমীয়া । জাগি উঠ জী উঠ হেৰৌ সমনীয়া ।"জাগি উঠ জী উঠ হেৰৌ সংবাদসেৱী । জাগি উঠ জী উঠ আইনৰ কবচ হাই কৰ্ট চুপ্ৰীম কৰ্ট ।
      বাজক দবা বাজক শংখ বাজক মৃদং খোল 
       অসমৰ প্ৰজাই আকৌ হাতে হাত ধৰি জয় আই অসম বোল ।।
                
                          হৰেণ শইকীয়া

No comments:

Post a comment