পৰিমিতা গোস্বামী "গতিৰ যতি" (৪) - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

পৰিমিতা গোস্বামী "গতিৰ যতি" (৪)


          বৰুৱাই ফোনটো ৰিচিভ কৰি
:: হেল্ল
:: উম দেতা, ভালনে তোমাৰ ।
:: উম ভালেই , বাবাটো।
:: কি কৰিছা ?
:: নাই অ' একো কৰা নাই, এনেই বহি আছোঁ ।
:: তোমাৰ বাৰু আজি মনটো বেয়া লাগি আছে নেকি?
:: নাই বাবা নাই লগা। কিয় সোধিলা
:: নাই এনেই সোধিলোঁ । তোমাৰ এতিয়া বয়স হৈছে।ইমান দিন কষ্ট কৰিলা , হ'ব আৰু এতিয়া জিৰণি লোৱা । আমি ঠিকেই চলিম, সকলো ঠিকেই চলিব অনৰ্থক চিন্তা কৰি মনটো বেয়া কৰি নলবা ।মনটো বেয়া হোৱা মানেই স্বাস্থ্যটো তাৰ প্ৰভাব পৰিব । প্ৰেচাৰ বাহিব, চুগাৰৰ প্ৰব্লেমো আহিব পাৰে । গতিকে একো ভাবি নাথাকিবা।
          :: চিন্তা একো কৰা নাই মই । তোমালোকেও একো চিন্তা নকৰিবা । মই যিমান পাৰোঁ  অসুবিধা নোহৱাকৈ তোমালোকক আগবঢ়াই নিবলৈ যত্ন কৰিম। তোমালোকে নিজৰ কামখিনি ভাল দৰে কৰি যোৱা। আজি কলেজলৈ গৈছিলানে ?
:: উম গৈচিলোঁ ।
:: কলেজৰ পৰা আহি খোৱা-বোৱা কৰিলানে ?
:: কৰিলোঁ ।
:: আৰু কিবা ক'ব লগীয়া আছে নেকি ?
:: নাই দেতা ।
গতানুগতিক কথা কেইটা সুধি ললে বৰুৱাই । 
:: মায়ে কি কৰিছে ? ভাত খালা নেকি ?
:: মাৰ ভিতৰতে ৰন্ধা বঢ়া কৰি অছে।ভাত নাই খোৱা অ'.....খাবৰ হৈছে হ'বলা ।
:: হ'ব দেতা , তোমালোকে ভাত খোৱা। ফোন থওঁ এতিয়া।
          ফোনটো কাটি দি বৰুৱাৰ পেটে পেটে অলপ হাঁহি  উঠিল। আনকালে আঠ বজাৰ পাছত বৰুৱাই সদায় ল'ৰা ছোৱালীলৈ ফোন কৰে । আজি সিহঁতে আগতীয়াকৈ ফোন কৰাৰ তাৎপৰ্য বুজি পালে । হাঁহিও উঠিল । ভালোঁ লাগিল। মনটো একপ্ৰকাৰ ভৰি গ'ল । (আগলৈ)

No comments:

Post a comment