মনি ডেকাৰ "চিত্রকৰ বিমোৰত পৰিছে" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

মনি ডেকাৰ "চিত্রকৰ বিমোৰত পৰিছে"

দে খা দিয়া এক আধা অঁকা প্রতিচ্ছবি
কোনোবা চিত্রকৰৰ নিপুণ হাতৰ পৰশত
প্রাণ পাই উঠিবলৈ আৰু কিছু বাকী
হয়টো ৰং তুলিকাৰ পৰশ পোৱা নাই এতিয়াওঁ |
চিত্রকৰৰ চিন্তা হয়টো এটাই..
কি ৰূপ দিব তুলিকাৰে
ভিতৰৰ নে বাহিৰৰ !
মানৱৰ বাহিৰৰ ৰূপটো 
য'ত এখন মুখাৰে ঢাকি ৰাখি
সমাজত ভাল মানুহৰ খ্যাতি লয়
নে ভিতৰৰ ৰূপটো
যিটো ৰূপে চিনি নাপায় 
মানৱতা,দয়া ক্ষমা অথবা প্রেম ভাতৃত্ব |
চিনি নাপায় জাতি,মাটি ,ভেটিৰ অস্তিত্ব
কেৱল হিংসা, ধৰ্ষণ,হত্যা, লুন্ঠনেই লক্ষ্য,
আপোন ভেটিত বহিবৰ বাবে আমন্ত্রণ দিয়ে
অনাহুত আলহিক  |
যেন বদনৰ তেজবোৰ উঠলি উঠিছে
আকৌ মানক আমন্ত্রণ দিছে
নিজৰেই আপোন জনক
মানৰ হাতত বিকিছে..
আপোনজনৰ মঙহ বিকি টকা ঘটিছে
সেই ৰূপটো দেখুৱাবনে ?
চিত্রকৰ বিমোৰত পৰিছে |
পঞ্চাশ উৰ্ধ মাতৃ ধৰ্ষিত হৈছে
নকৈ পাহিমেলা ফুলৰ দৰে ভনিয়ে
সতীত্ব হেৰুৱাইছে
আনকি কোলাৰ কেঁচুৱাটোও
সাৰি যোৱা নাই...|
চিত্রকৰ চিন্তাম্বিত
দিব নেকি সেই কদৰ্য্য ৰূপ
যি  ৰূপে সংহাৰ কৰি আছে দিনে দিনে
শান্তিৰ কপৌ হালি ¡
কি ৰূপেৰে সজাই তুলিব ছবিখন
চিত্রকৰ বিমোৰত পৰিছে |

No comments:

Post a Comment