নীহাৰিকা শইকীয়াৰ "অনাথ" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

নীহাৰিকা শইকীয়াৰ "অনাথ"

ব্দবোৰ আজি হেৰাল
নিস্তব্ধ হৈ পৰি ৰৈছে
সপোন সপোন লগা
তাহানিৰ শব্দবোৰো

যান্ত্ৰিকতাৰ কোৰাল গ্ৰাসে
গুজি দিছে শব্দহীন নিষ্ঠুৰ সময়
নাই আপোন বুলিবলৈ কোনো নাই
হুমুনিয়াহবোৰো দেখোন
কলিজা কঁপাই ওলাই
বিষ এটাইও খুচি বিন্ধি ধৰে
বন্ধ কুঠৰীত

মাজুলীৰ খহনীয়া ৰূপ লৈ
খহি যায়  সম্বন্ধবোৰ
বুকু ভেদি ওলাই
একোটা জাৰজ চিন্তা।

No comments:

Post a Comment