জিণ্টুমনিৰ "বৰষুণজাক" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

জিণ্টুমনিৰ "বৰষুণজাক"

হেৰা চোৱানা বৰষুণজাক
মোৰ তিতিব মন গৈছে জানা
বৰষুণজাকত দুহাত মেলি তিতিম
চিঞৰি চিঞৰি গোটেই জগতক জনাই দিম
আজি মই কিমান সুখী
তোমাক পোৱাৰ আনন্দত

দুদিন আগতে তুমি মোৰ নাছিলা
কিন্তু আজি তুমি মোৰ হ'লা
যেতিয়া তুমি মোৰ নাছিলা
বৰষুণজাক মনোমোহা নাছিল
তোমাক পোৱাৰ হেপাহত
যেন বৰষুণজাকক বহুত বহুত ধন্যবাদ দিম
চিঞৰি ক'ম চিঞৰি
তুমি মোৰ, তুমি মোৰ

আজি বৰষুণজাকত সঁচাকৈ তিতিম
আস.. কি যে মধুৰ ক্ষণ
তোমাক পোৱাৰ আনন্দত
মোৰ চকু দুটা তিতিছে ও প্ৰিয়া
তোমাক পোৱাৰ আনন্দত

তুমি জানানে, এয়া সুখৰ চকুলো
আনন্দৰ চকুলো
প্ৰিয়া, তুমি বৰষুণজাকক কোৱা
চিঞৰি চিঞৰি
আজি আমি কিমান সুখী

       ✍ জিন্টু মণি
  

No comments:

Post a Comment