সুৰজিৎৰ "বিৰহ্ ৰাগিণী" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

সুৰজিৎৰ "বিৰহ্ ৰাগিণী"

তাহানিৰ জোনাক ভৰা
এৰি অহা ভালপোৱা
ৰিণি ৰিণি পৰিছে মনত;
সময়ত লীন হোৱা
মধুময় পলবোৰে
এতিয়াও খোঁচে হৃদয়ক।

যেতিয়া অকলে থাঁকো
নিজান চকুলো টুঁকো
ৰঙ সনা পলবোৰ ভাবি;
অলক্ষিতে বোধ কৰো
বেজাৰত ভাগৰি পঁৰো
বাৰে বাৰে খাও হাবাথুৰি।

দুটি মন এটি কৰি
গৈছিলো বাটকুৰি
ৰচি ৰচি প্ৰেমৰ মালিতা;
হৃদয়ত পণ ৰাখি
আলাসত চাং পাতি
বৈছিল চেনেহী নিজৰা।

থমকি ৰৈ মাজে মাজে
পঢ়ি যাঁও নিজে নিজে
এঙেৰুৱা কৰুণ কাহিনী;
কালত অতীত হোৱা
জীৱনৰ ভাল পোৱা
প্রতীতি হয় বিৰহ ৰাগিণী।

আধৰুৱা মই আজি
তদ্ৰুপ নিঘিনি পখী
উৰি উৰি পঁৰো যেনি তেনি ;
এলাগী উচ্ছিষ্ট হঁলো
পাখি চিঙি পৰি ৰঁলো
বাৰে বাৰে বিচাঁৰো সংগী।

পংগু অংগৰে আজি
বৈ আহে প্রেমৰ নদী
তিতি যায় নিশাৰ শেতেলি;
পুৱাৰ আভাই আহি
টোকি নিয়ে হাঁহি হাঁহি
এৰি যায় ৰঙীন গধূলী।

গধূলীৰ ৰংবোৰে
জোনাকী নমাই আনে
হৃদয়ৰ এন্ধাৰ মচি মচি;
তাকেই সাবটি ধৰি
গৈ আঁছো বাটকুৰি
বাৰে বাৰে খাঁও এঙামুৰি।

সেয়েহে ভাবিছো মনে
প্ৰতিহত ঘনে ঘনে
জীৱনৰ সোপান্ মুঞ্জৰী;
ঘুণে ধৰা কলিজাত
বিচাৰিছো অৱকাশ
ফুলাবলৈ পদুম কামিনী।
================
সুৰজিৎ
দূৰভাষ:৮৮৭৬২৭৭৯৫৯

No comments:

Post a Comment