কাব্যশ্ৰী হাজৰিকাৰ “মৌনতাৰ উপহাৰ” - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

কাব্যশ্ৰী হাজৰিকাৰ “মৌনতাৰ উপহাৰ”

:অই ছোৱালী
: অই ল'ৰা
এনেদৰেই আৰম্ভ হৈছিল তেওঁলোকৰ প্ৰতিটো দিন। কেতিয়াবা কাজিয়া, কেতিয়াবা অত্যাধিক মৰম। কেতিয়াবা দুয়োৰে মুখমণ্ডল গপত গংগাটোপ। কেতিয়াবা আকৌ দুয়োৰে ওঁঠত বিয়পি থাকে এমোকোৰা হাঁহি। দূৰে দূৰে থাকিলেও তেওঁলোক যেন নিচেই কাষত। মুঠতে উপযুক্ত সময়ৰ অপেক্ষাত বৰ্তমানবোৰত দুয়ো সুখী। পিছে সুখৰো থাকে পৰিসীমা, সপোনতো আহে বাধা। সুখৰ সপোন ৰচি ৰচি তেওঁলোক আজি অসুখী। হাঁহিৰে উপচি উঠা ওঁঠকেইটাত আজি দুখৰ চাপ। চকুৰে কথা কোৱাৰ সলনি তেওঁলোকৰ    চকুদুহাল আজি কুঁৱাসদৃশ। পটা দেখিলেই কেইবানিশা উজাগৰে কটোৱাৰ উমান। তাহানিৰ দৰে এতিয়াও পুৱা দুচকু মেলিয়েই প্ৰথম উশাহত ভাঁহি আহে পৰস্পৰৰ মুখকেইখন, যদিওবা মূখত  ফুটি নুঠে চিনাকী নামটো। হাজাৰজনৰ শুভকামনাও অভিশাপ হৈ পৰিল। "তোমালোকৰ এই প্ৰেম অমৰ হওঁক, চিৰ যুগমীয়া হওঁক"  উস! আৰু যে কিমান শুভেচ্ছামূলক বাৰ্তা পাইছিলো। বিনিময়ত...? হয়তো অমৰ হ'ব কিন্তু পূৰ্ণতা নাপায়। সমাজ...! কি পাই সমাজে মানুহৰ আৱেগ অনুভুতিৰ লগত হেতালি খেলি? মৰমৰ সংজ্ঞা শিকাৰেপৰা এজনৰ বাবেই সাঁচি ৰাখিছো মোৰ মৰম। ভাল-বেয়াৰ অৰ্থ বুজাৰেপৰা এজনৰ বাবেই ভালতকৈও ভাল হ'ব বিচাৰিছিলো। অথচ আজি সমাজৰ পাকচক্ৰত তেওঁকেই নেওচি উচ্চ জাতিৰ খ্যাতি ৰক্ষাৰ বাবেই আন এজনৰ নামত অৰ্পণ কৰিব লাগিব নিজকে। ইমান নিষ্ঠুৰনে সমাজ! কিন্তু...? সমাজৰ শিকলি চিঙি যাওঁৱেই বা কেনেকৈ? যিখন সমাজতে পাৰ হৈছে মোৰ অতীত-বৰ্তমান, যিখন সমাজৰ নিয়ম মতেই আগুৱাই গৈছে মোৰ জেষ্ঠসকল! আৱেগৰ উচতনিত এবাৰ যদি এনে ভুল কৰো কনিষ্ঠসকলক  দি থৈ যাম কি ? হয়তো মোৰ দৰে আৰু হাজাৰজনে কৰিব এনে ভুল। সেইয়া হ'বলৈ গ'লে উপৰিপুৰুষে তাইক ক্ষমা কৰিবনে? কন্যা হৈ উপজি পাৰিবনে দেউতাকৰ ব্ৰাহ্মণত্বখিনিক তাইৰ বাবেই শেষ কৰিব? আনহাতে নিজৰ প্ৰেমক নিজেই হত্যা কৰি কেনেকৈনো কথা দিয়ে আন এজনক; একমাত্ৰ ব্ৰাহ্মনত্ব ৰক্ষাৰ বাবেই! তথাপিও তাই এটা সিদ্ধান্ত ল'বই লাগিব। সমাজখনক বুজাব তাই। প্ৰেমে কাঢ়ি নিনিয়ে ধৰ্ম। প্ৰেম এক স্বৰ্গীয় অনুভুতি। প্ৰেম একপক্ষীয়, মাতৃপ্ৰেম কেৱল জন্মদাত্ৰীৰ মাতৃৰ বাবেহে উপজে, পিতৃ প্ৰেমো কেৱল পিতৃৰ বাবে ঠিক সেইদৰে এই প্ৰেমো কেৱল এজনৰ বাবেহে সম্ভৱ। ক'ৰবাত পাইছিলো 'যৌৱনৰ প্ৰথম প্ৰেম হেনো সচাঁ হয়, কিন্তু সেই প্ৰেম ভুল পৰিস্থিতি নাইবা ভুল মানুহৰ স'তে'। পিছে মোৰ ক্ষেত্ৰত কি ভুল, পৰিস্থিতি নে মানুহ ? মানুহ... এইয়া জানো মানি ল'ব পাৰি  যিজন মানুহে চেহেৰাক গুৰুত্ব নিদি মানৱতাৰ মূল্যৰে আগুৱাই তেওঁ কি ভুল হ'ব পাৰে ? অথবা পৰিস্থিতি... ইও জানো সম্ভৱ যি সময়ত জাতি-ভেদৰ কথা নাভাৱি উচ্চ-নীচ বিচাৰ নকৰি কেৱল মানুহ হিচাপে নিজকে গঢ়িবলৈ শিকিছো সেই সময়, সেই পৰিস্থিতি জানো ভুল হ'ব পাৰে? তেন্তে ভুল কি ? এই সমাজখন নে সমাজ সৃষ্টি কৰোতাসকল নে আন কিবা! এনেকৈ হাৰি যাব নোৱাৰো।  বুজাব লাগিব সকলোকে। পিছে  বুজালেই বা  বুজিবনে কোনোবাই ? তাৰেই চিন্তাত মগ্ন প্ৰতিটো মুহুৰ্ত। 
       কোঠাৰ খিৰিকীখন খুলি দিয়াৰ লগে পোহৰবোৰ সোমাই আহিল। মোৰ প্ৰতিটো ফোনালাপৰ সাক্ষী , ফাগুনে লঠঙা কৰাৰ পাছতো বহাগত পুনৰ হাঁহি হাঁহি নিৰৱে প্ৰেৰণা যছাঁ হেঁপাহৰ গছজোপাৰ দালত আজিও বহি আছে কপৌহাল। ইটোৱে সিটোৰ ওঁঠত ওঁঠ থৈ পাতিছে হৃদয়ৰ কথা। হয়তো দুদিন আগলৈকে এই চৰাইহালৰ মনৰ কথাবোৰো বুজিছিলো, ফোনৰ ইটো মূৰৰপৰা সিটো মূৰলৈ বৰ্ণনা দি গৈছিলো চৰাইহালৰ প্ৰতিটো কথা। কিন্তু আজি... বুজাটো দূৰৰে সেই চৰাইহালৰ প্ৰতিও  ইৰ্ষা উপজিছে।  খুলা খিৰিকীখন পুনৰ জপাই দিলো নোৱাৰো আৰু এনেকৈ নিজেই জ্বলি জ্বলি  নি:শেষ হোৱালৈকে সহ্য কৰিব। কিন্তু কৰিমেই বা কি? সেয়ে চিৰশ্বাশ্বত আপোন কলমটো হাতত তুলি  লিখি গ'লো এফালৰপৰা মোৰ হৃদয়ত জ্বলি উঠা জুইকুৰা। যদি এই অন্যায়ৰ বিৰোদ্ধে মাত দিও হয়তো মই সমাজ আৰু আপোন মানুহবোৰক ত্যাগ কৰিব লাগিব। আৰু যদি মাত নিদিও তেন্তে পৰাধীনতাৰ পোছাক পিন্ধি চিৰদিনলৈ হেৰাই যাব লাগিব নিজৰ মাজতে নিজেই। 

 উস! কি যন্ত্ৰণাদায়ক আছিল সেই সময়। বহুবছৰৰ পুৰণি ডায়েৰীৰ পৃষ্ঠাবোৰ  লুটিয়াই আজি তাই গভীৰ হুমুনীয়াহ কাঢ়িছে। গল্পৰ দৰে লিখি যোৱা কাহিনীবোৰ তাইৰ নিজৰেই নে? বাৰে বাৰে সুধিছে নিজকে। সেই সময়ত তাই সমাজৰ বিপক্ষে মাত দিয়া নাছিল। মৌনতাৰে, একান্ত বাধ্য হৈ পালন কৰিছিল; সমাজে গঢ়ি দিয়া  প্ৰতিটো কৰ্তব্য। বৰ্তমান শিক্ষিত সমাজত  জাতি-ভেদৰ বিচাৰ কৰাটো ভুল। কিন্তু আপোন মানুহবোৰক ভুল বুজি তেওঁলোকৰ বিপক্ষে কঠোৰ হোৱাটোও ভুল। আজি মই বিচৰাতকৈও অধিক সুখী আৰু সেই তাহানিৰ প্ৰেমিকজনো সুখী অন্য এগৰাকী সংগীৰ লগত । বৰ্তমান বন্ধুত্বৰ সম্পৰ্কৰে ইজনে সিজনৰ খবৰ ৰাখো। তেওঁ পত্নী আৰু মোৰ স্বামী, তেওঁলোকেও জানে আমাৰ অতীত কাহিনী। কিন্তু কোনেও স্মৃতিৰ পৃষ্ঠা লুটিয়াই খুচৰি নুফুৰে, বৰঞ্চ আমাৰ ত্যাগক সন্মান যাঁচি দুয়োৰে অন্তৰাত্মা কৰি তুলে উৎফুল্লিত। আমাৰ মাজত এতিয়া  মা-দেউতাৰ  আৰ্শীবাদ আছে। অাধা পঢ়ি ৰৈ যোৱা ডায়েৰীখন  সামৰি পুনৰ আগৰ ঠাইত থৈ মুখত হাঁহি এটা মাৰি অনুভৱ কৰিলে তাই প্ৰেম মানেই প্ৰাপ্তী নুবুজাই। ত্যাগতহে বিৰাজমান প্ৰকৃত প্ৰেম। সেই সময়ত দুয়ো মৌন থকাৰ বাবেই আজি হয়তো তেওঁলোক এনেকৈয়ে সুখী । সেয়ে তাই এই প্ৰেমৰ নাম দিলে "মৌনতাৰ উপহাৰ"।।।

No comments:

Post a Comment