হেদায়ত উল্লাহৰ "ঠিকনা" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

হেদায়ত উল্লাহৰ "ঠিকনা"


ভালপোৱাৰ ঠিকনাটি বিচাৰি ফুৰিছোঁ
বিচাৰি বিচাৰি ভাগৰুৱা হৈ পৰিছো ,
ইয়াৰ যে বৰকৈ দৰকাৰ 
সেয়া উপলব্ধি কৰিছোঁ ... কলুষিত হৈ পৰিছে বতাহজাক
আশাহীন হৈছে জীৱনবোৰ, মাদকতাবোৰ
আৰু সুমধুৰ কল্পনাবোৰ 
""চোলাৰ জেপতেই ৰাখিলোঁ নে
পেন্টৰ পকেটত ?""

ভাবি পৰিছো ।

ভালপোৱাৰ ঠিকনাটি বিচাৰি ফুৰিছোঁ ,
সেউজীয়া বোৰ হেৰাব লাগিছো
আন্তৰিকতাবোৰ ভাঙিব লাগিছো
ভালপোৱাৰ যে বৰকৈ দৰকাৰ 
দকৈ চিনিব পাৰিছো ।
তুমি কৈছা -
মই হয়টো ঠিকনাটি 
হেৰুৱাই পেলাইছো ।
""চোলাৰ জেপতেই ৰাখিলোঁ নে
পেন্টৰ পকেটত ?""

ভাবি পৰিছো ।
ভালপোৱাৰ ঠিকনা বিচাৰি ভাগৰি পৰিছো ।

No comments:

Post a Comment