পৰিণীতাৰ "ৰাসলীলা: এক চমু বিশ্লেষণ ৷" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

পৰিণীতাৰ "ৰাসলীলা: এক চমু বিশ্লেষণ ৷"


' ৰাস ' শব্দটো নিষ্পন্ন হৈছে ' ৰসৰ পৰা ৷ ৰস শব্দই বুৎপত্তিগতভাৱে ' ৰসিত' বা আস্বাদিত অৰ্থ নিৰুপণ কৰে ৷ কোনোৱে কয়, শ্ৰী কৃষ্ণই ' ৰাসলীলা ' বা ৰাস উৎসৱ কৰিছিল পৃথিৱীত প্ৰেম-ভালপোৱাৰ বিস্তাৰ ঘটোৱাৰ লগতে তথা শান্তিৰ  বাৰ্তা প্ৰকাশ কৰিবলৈ ৷ ' প্ৰেমে 'ই যে জীৱনৰ মূল ৷ সেয়া ভগৱান শ্ৰী কৃষ্ণই জগতবাসীক শিকাইছে ৷ "we are nothing, love is everything…!
   শাৰদীয় শুভ্ৰ জোনাকৰ স্নিগ্ধ পোহৰত যমুনাৰ বালিত কদম গছত বহি মোহন বাঁহী বজাই শ্ৰী কৃষ্ণই বৃন্দাবনৰ গেপীসকলক কামভাৱ জগাই তুলিছিল ৷ ইফালেদি শ্ৰী কৃষ্ণক পতি হিচাপ্ পাবলৈ পূজা কৰা গোপীসকলে ৰোমাঞ্চিত হৈ নিজৰ পতি-পুত্ৰ এৰি ঘৰৰ পৰা উধাতু খাই আহি কামপীড়াত মত্ত হৈছিল ৷ ৰাসোৎসৱৰ মুলত: সেয়াই ৷
     ৰাসলীলাৰ প্ৰকৃতাৰ্থত প্ৰকৃতি আৰু পুৰুষৰ ৰমন,আত্মা আৰু পৰমাত্মাৰ মিলন তথা ভক্ত আৰু ভগৱানৰ গভীৰ শ্ৰদ্ধা লগতে আলিংগনৰ এক সুন্দৰ নিদৰ্শন ৷ ' ৰাস ' শব্দৰ আভিধানিক অৰ্থ হ'ল ' মণ্ডলীকৃত নৰ্তনম' অৰ্থাৎ মণ্ডলাকাৰ হৈ ঘূৰি ঘূৰি কৰা নৃত্য ৷ এই নৃত্যত অনেক নৰ্তকীয়ে মণ্ডলাকৃতিৰে মাজত এজন নৰ্তক লৈ আমোদজনক অনেক ভংগীৰে বিভিন্ন তালত নৃত্য কৰে ৷ ব্ৰজধামৰ নৰ্তকীসকলেএ শ্ৰীকৃষ্ণক মুখ্য নৰ্তক হিচাপে লৈ মদনোল্লাস হৈ নৃত্য কৰিছিল ৷ এইদৰে নৃত্য কৰি তেওঁলোকে শ্ৰীকৃষ্ণৰ অপৰুপ সৌন্দৰ্য,স্পৰ্শ আৰু প্ৰেমালাপেৰে মনোবাঞ্চা পূৰণ কৰিছিল ৷ এই ৰাসলীলা শৰত কালৰ জোনাকত হোৱাৰো এক তাত্বিক বিশেষণ আছে ৷মানৱ জীৱন হৈছে  পঞ্চভূতৰ সমষ্টি, আত্মাই শৰীৰ ত্যাগ কৰাৰ লগে লগে মানৱ দেহ পঞ্চভূতত বিলীন হয় বুলি হিন্গুধৰ্মত বিশ্বাস কৰে ৷ পঞ্চভূতৰ এটা প্ৰধান অংশ হৈছে আকাশ আৰু এই আকাশ হৈছে ভগৱান বিষ্ণুৰ অধীন ৷ বছৰটোৰ ভিতৰত শৰতকালৰ জোনাকী আকাশখনেই আটাইতকৈ নিৰ্মল হৈ থাকে আৰু শৰত কালৰ এই নিৰ্মল আকাশৰ তলতেই ভগৱান বিষ্ণুৰ অন্য এটি ৰুপ শ্ৰীকৃষ্ণই ভক্তৰ মনৰ বাঞ্চা পূৰণৰ বাবে ৰাসলীলা কৰে ৷ শাৰদীয় জোনাকী আকাশখনেও এই সময়ত ৰাস মণ্ডলৰ ৰাস মণ্ডলৰ ৰূপ লয় ৷ যমুনাৰ তীৰত যেনেকৈ কৃষ্ণক মধ্যত লৈ গোপনাৰীসকলে চক্ৰাকাৰে ঘূৰি নাচে ৷ ঠিক তেনেকৈয়ে চন্দ্ৰক কেন্দ্ৰ কৰি আকাশত গ্ৰহ-নক্ষত্ৰৰে 'ৰাসমণ্ডল ' সৃষ্টি কৰে ৷ আকাশৰ এই শোভা অকল শাৰদীয় জোনাকতহে দেখিবলৈ পোৱা যায় ৷
    বহু সমালোচকে ৰাসৰ লগত মানৱ দেহৰো সম্বন্ধ আছে বুলি ক'ব খোজে ৷ তেওঁলোকে বৃন্দাবনৰ ২৫ খন বনৰ লগত মানৱ দেহৰ ২৪ তত্ব অৰ্থাৎ ২৫ খন বৱ সদৃশ দেহ জগতত জীৱাত্মাৰ প্ৰতি যি দূৰ্বাৰ আকৰ্ষণ সেয়ে ৰাসক্ৰীড়া ৷
  ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে তেওঁৰ তত্বকথাত লিখিছে -'দৰাচলতে যোগমায়াৰ ৰতিক্ৰীড়াৰ দৰে দেখা গৈছিল ৷ স্বৰূপাৰ্থত এয়া জীৱ ইশ্বৰৰ এক গোকুলৰ গোৱালসকলেও ৰাসক্ৰীড়া চলি থকা সময়খিনিতো গোপীসকলক একেই শস্যাত শুই থকা পাইছিল 
 আনকি যশোদাৰ কাষতো শিশু কৃষ্ণ শুই আছিল ৷
 ' শৰত কালৰ ৰাত্ৰি অতি বিতোপন ৷
ৰাসক্ৰীড়া কৰন্তে কৃষ্ণৰ ভৈল মন ' ৷
ৰাসলীলা আখ্যানভাগ আমি পাওঁ শ্ৰী মদ্ভাৱতত ৷ অষ্টদশ পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ তথা পুৰাণ সূৰ্য হিচাপে স্বীকৃত এইখন গ্ৰন্থত উল্লেখ কৰিছে যে -ধানৰ  বাকলিৰ তলত যেনেদৰে অন্ন লুকাই থাকে এই ৰাসক্ৰীড়াতো ভগৱন্তৰ সৈতে ভক্তাৰ আন্তৰিক মিলনহে বৰ্ণিত হৈছে ৷ ৰাসক্ৰীড়াৰ বাহিৰৰ অৱৰণত শৃংগাৰ বা আদিৰসে প্ৰধান্য লাভ কৰিছে ৷ যদিও ইয়াৰ মাজতে অন্নৰূপী আত্মাৰ সৈতে পৰমাত্মাৰ মিলনৰ কথাখিনি প্ৰচ্ছন্ন হৈ আছে ৷ সাংসাৰিক আসক্তিত পৰি সাধাৰণ লোকে ভগৱানৰ প্ৰতি আকৃষ্ট নহ'বও পাৰে ৷ সেয়ে বহুসময়ত লৌকিক ৰসৰ জৰিয়তে ভগবৎ ভক্তিলৈ সৰ্বসাধাৰণৰ মন ঢাল খোৱাবলৈ এনে ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ সেইবাবেই মহাপুৰুষ শংকৰদেৱে ৰাসলীলাৰ বিষয়ে লিখিছে -
শৃংগাৰ ৰসে আছে যাৰ ৰতি ৷
আকে শুণি  হোক নিৰ্মল মতি ৷৷
আনহাতে,তেৰাৰ মতে এয়া হ'ল -
" কামজয় নামে ইটো কেশৱৰ কলি!"
প্ৰসংগক্ৰমে স্মৰণযোগ্য যে ৰাস প্ৰধানত: এক নৃত্য বিশেষ ৷ মণ্ডলাকাৰে এই নৃত্য অসংখ্য নৰ্তকীয়ে পৰিৱেশন কৰে আৰু এজন নৰ্তকে কেন্দ্ৰত স্থিতি লৈ নৃত্য কৰে ৷ এই নৃত্যক হল্লীশক নৃত্য বোলা হয় ৷ এই হল্লীশক নৃত্যই বিবিধ তাল,গতি,চলন সমন্বিতে পৰিৱেশন হ'লেহে ই ৰাসনৃত্য নাম লাভ কৰে ৷ আকৌ এটা কথা মন কৰিবলগীয়া যে ভাগৱতত 'ৰাধা' নামৰ চৰিত্ৰটোক এই নৃত্যৰ প্ৰসংগত উল্লেখ কৰা হোৱা নাই,কিন্তু আন কেইবাখনো পুৰাণত যেনে:  ব্ৰহ্মবৈৱৰ্ত পুৰাণ, নাৰদ পঞ্চৰাত্ৰ, গাৰ্গৰ সংহিতাত ৰাধাৰ কথা বিস্তৃতভাৱে উল্লেখ কৰিছে ৷ সেয়ে সমালোচকসকলে ৰাধা চৰিত্ৰটি পৰৱৰ্তীকালৰ সৃষ্টি বুলি মত পোষণ কৰে ৷

পৰিণীতা কলিতা
নলবাৰী মহাবিদ্যালয়


No comments:

Post a Comment