আৰ্জু আহমেদৰ "দৰিদ্ৰতা" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

আৰ্জু আহমেদৰ "দৰিদ্ৰতা"


থে-পথে আপোনাৰ পৰিচয়
এসাজ ভাতৰ বাবে আমি বিয়াকুল,
বিচাৰোঁ সহায় কিন্তু চৌপাশে 
মানৱৰ ঠাইত কেৱল দানৱ ।

ভাগৰুৱা দেহ লৈ শুই পৰোঁ
অসমী আইৰ দুবাহুত মূৰ থৈ 
ফুটপাথতৰ কোনোৱা এচুকত
মাথোঁ জীয়াই থকাৰ ক্ষণ গণি।

কাৰোবাৰ দুচকুত খাবলৈ নোপোৱাৰ দুখ ,
আৰু কাৰোবাৰ পোৱাৰ আশা
এয়াই আমাৰ জীৱন।

আমাৰ নাই ঘৰ,
আমাৰ নাই ঈশ্বৰ ,
আমাৰ নাই ক’তো আদৰ,
আমাৰ জীৱনটো যাযাবৰ।

দানৱ বোৰে চাই হাঁহে সৌ চোৱা
হাড়ত চাল লগা শুকান শৰীৰ 
লেতেৰা দেহা এক দৰিদ্ৰতাৰ
প্ৰতিমূৰ্তি ।

আমাৰ ঠিকনাবিহীন বাসস্থান
ফুটপাথ 
পেটত ভোক লৈ 
বিচাৰোঁ এমুঠি আহাৰ,

জোলোঙাত নাপাওঁ একো
লঘোণে কটাওঁ কেইবাটাও ৰাতি,
ভোক তেজ বিহীন আমাৰ
কাংকাল দেহা আমিয়েই দৰিদ্ৰতা।

আৰ্জু আহমেদ
নলবাৰী

No comments:

Post a Comment