কনমইনা দাসৰ "যুৱ চিন্তা আৰু সাম্প্ৰতিক" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

কনমইনা দাসৰ "যুৱ চিন্তা আৰু সাম্প্ৰতিক"

মিবোৰ যুৱপ্ৰজন্ম হিচাপে কিমান আগ্ৰহী শিকিবলৈ, কৰিবলৈ বা বুজিবলৈ।আমিবোৰ শিক্ষিত যদিও অশিক্ষিত নেকি? কেতিয়াবা এনে লাগে যেন আমিবোৰ ভাগৰি পৰিছোঁ,হাৰিছো জীৱনৰ পৰা। জীৱন সংগ্ৰাম কৰাত ব্যৰ্থ হৈছোঁ ।বিচৰাবোৰ অনায়াসে পাব বিচাৰোঁ।এটা সহজ বাটেৰে জীৱনৰ জখলা বগাই যাবলৈ চেষ্টা কৰোঁ।দিনক দিনে এলেহুৱা আৰু কামলৈ ভয় কৰা হলো।কিবা এটা কৰিব পৰা কামো আইয়ে পিতায়ে গতীয়াই গতীয়াই কৰাই। খুব টোপনি ধৰে আজিকালি আমাৰ। ইমানেই ভাগৰ লাগে যেন মেৰুদণ্ডী প্ৰাণীৰ দৰে অৱশ হৈ পৰো।আজিৰ পৰা প্ৰায় দুই তিনি বছৰ আগতে  কিতাপ আলোচনী একান্ত মনে পঢ়িছিলোঁ।চিঞৰি চিঞৰি আইজনীয়ে ভাত হ'ল খাহি মাতি থাকিব লাগে। কিন্তু এতিয়া পঢ়াৰ টেবললৈ গ'লেও টোপনি বেমাৰটোৱে পিছে পিছে খেদি ফুৰে।অন্যহাতেদি টোপনিতে যদি ম'বাইলত ভিডিঅ'গ্ৰেম খেলো বা অলাগতীয়াল কিছুমান হাঁহি ধেমালি গোটত জড়িত হৈ কাৰোবাক হুৱাছএপত ফেচবুকত ব্লেক মেইলিং কৰা, চকুৰ টোপনি আঁতৰাই মেচেজ মেচেজ খেলো আদি কামবোৰ কৰিলে টোপনি ৰাতিপুৱালৈকে হেৰাই যায় আমাৰ মাজৰ পৰা।
এশ শতাংশৰ মাজত জীঁ উঠিছে ধ্ৰুৱজ্যোতি, শেৱালী ফুলৰ নিচিনা সুগন্ধি ফুল।সেইয়া আচলতে সাহস, একাগ্ৰতা আৰু হাৰি হাৰি জীৱনক জিকাৰ সঠিক পথৰ অনুসন্ধিসু জিজ্ঞাসা মনৰ জোনাক। আজি কালি প্ৰায়ে পঢ়া-শুনা কৰা যুৱক যুৱতীৰ মুখত কোৱা শুনো বি এ পাছ কৰি বা এম এ পাছ কৰি একো লাভ নাই। আকৌ কয় বি এ পাছ কৰি বা বি এছি কৰি এম এ বা এমছি নকৰাই ভাল।এই কথাষাৰ মোৰ একদম হজম নহয় ,কিয় জানেনে আমি কেৱল বৃত্তিধাৰী হ'বলৈকে শিক্ষা লৈছোঁনেকি,নে আমিও কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ শতাংশৰ পিছত মাৰ্কৰ পিছত দৌৰি দৌৰি জীৱনৰ ভালপোৱাবোৰ বিসৰ্জন দিছোঁ।আজি কালি পঢ়াৰ লাইটো অলপ দীঘলীয়া সময়ৰ আৰু ইমান সহজ নহয় যিমান সহজ বুলি আমি আচানিচে ভাৱি থাকোঁ।আমিবোৰে হাৰ্ডৱৰ্ক নকৰোঁ ,কেৱল যিমান সোনকালেই পাৰি সিমান সোনকালেই জীৱন গঢ় দিব বিচাৰোঁ বা লাইফ চেটেল কৰিব বিচাৰোঁ।তাত আমাৰ ভুল নহয় কিন্তু তাতেই কৰোঁ যত আমি নকৰিব লাগে। আৰু এটা কথা আমাৰ আজিকালি কোনো নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য নাথাকে জীৱনক লৈ। মাথোঁ দেখাক দেখি যি তি কৰিব মন। মাজে মাজে ষ্টাইলত কওঁ  কথাবোৰ যাৰ বাবে নিজৰ মাতৃভাষাটোক পাহৰণি গৰ্ভত কবৰ দিয়াৰ প্ৰচেষ্টা চলাইছোঁ।ভালেই নালাগে দুই এটা ইংৰাজী নকলে জানোচা নিজকে আনৰ আগত বেছি জানো বুলি দেখুৱাব নোৱাৰিম। জোৰ জৱৰদস্তি নিজক সময় স'তে পোনাই লৈ যাব বিচাৰোঁ,,, এইবোৰ কৰিলে জানো জীৱনে সাৰ্থকতা লাভ কৰিব।ঘূৰমুতীয়াই থাকোঁ আৰু জোখতকৈ আমি অভাৰ দেখাব চেষ্টা কৰোঁ।আমি পাহৰিছোঁ বয়সক সন্মান কৰিবলৈ।আমি শিকিছোঁ হয় ইউটিউব চাই চাই বা কোনোবাৰ টাইমলাইত থকা দুই এটা কথা পঢ়ি। হ'লেও আমাৰ বাস্তৱ অভিজ্ঞতা নাই ,হাতে কামে কৰি আমি অভিজ্ঞ তথা পৰিপক্ক হৈ উঠা নাই। অনায়াসে উপভোগ কৰোঁ জীৱন।কোনে কেনেকৈ কত আমাক ফুৰিব পৰা কৰিছে,ঘূৰিব পৰা কৰিছে ,পঢ়িব পৰা কৰিছে তালৈ কানসাৰ নাই। কিমান কপালৰ ঘাম মাটিত সৰাইছে, কত অফিচত কঁকাল  পোনাই পোনাই তেওঁলোকে নোপোৱাবোৰ আমাক দিবলৈ চেষ্টা কৰিছে সেইবোৰ ভাবিবলৈ, বুজিবলৈ আমাৰ সময় নাই।সদায় সুবিধাবাদী হ'ব বিচাৰোঁ।কিমান দিন এনেকৈয়ে চলিম,,,কিমান দিন নিজক এলেহুৱা কৰিম? কেতিয়া শিকিম ,বুজিম, জানিম আৰু কৰিম । জুবিন দাই গাই ,,,এতিয়াও আছে সময় নিজক  সলাবলে,,হয় যদিও আমি মাজে মাজে ব‌্যস্ততাৰ বোজাত ভাগৰিছোঁ,বা এলাহ কৰিছোঁ জীৱনক সঠিক পথৰ সন্ধান দিবলৈ, কিন্তু ইয়াৰো আছে অজস্ৰ শক্তি,সাহস ,দুৰ্বাৰ আকাংক্ষা,আকাশ চুব ধৰা সপোন ,,, গতিকে আমাক যোগাত্মক মন্তব্যৰে, ধনাত্মক চিন্তা-চৰ্চাৰ জাগ্ৰত কৰক, আদৰ্শ কৰ্মৰে,সৈম্য মৈত্ৰী আৰু সমন্বয়ৰে আগুৱাই লৈ যাওঁক জীৱনৰ পৰা মহা জীৱনলৈ, সপোনৰ পাতে পাতে জোন বেলি তৰাৰ দেশলৈ,ক-খ ৰ পৰা শেৱালী তগৰ, শংকৰদেৱৰ পৰা শ্বেইকছপীয়েৰলৈ, লুইতপাৰৰ পৰা পশ্চিত্যলৈ আপোনালোকৰ আদৰ্শেৰে, কৰ্মসংস্কৃতিৰ নতুনত্বৰে এনেকৈয়ে আজীৱন সম্প্ৰীতিৰে ,,,এটা সঠিক  পথৰ অনুসন্ধানত নমাই দিয়ক।

কনমইনা দাস

No comments:

Post a Comment