মৃদাঙ্কৰ “শীতৰ দুটিমান স্নেপ” - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

মৃদাঙ্কৰ “শীতৰ দুটিমান স্নেপ”

পুৱাৰ ৰ'দজাক কেনিবা হেৰাই গ'ল                        দুপৰীয়াৰ ৰ'দজাকো নেদেখা বহুদিন হ'ল,
আকাশ ধুৱলী-কুঁৱলীৰে ঢকা এতিয়া
তমসাই কিৰিলি পাৰিব কালসন্ধিয়া।

ধূলি-মাকতিৰে গছ-লতিকাও মলিয়ন হ'ল
আহিব খোজা বৰষুণজাকো থমকি ৰ'ল,
আলি পদূলিত এতিয়া শীতৰ মেলাৰ আলিঙ্গন
থকা হ'লে আবেলিৰ ৰ'দজাকৰ মিঠা শিহৰণ!

আহি আছে আঘোন কুঁৱলীৰ আচ্ছাদন ফালি
ওলাও নোলাওকৈ অপেক্ষাত পুৱতিৰ বেলি
বুভুক্ষু হৈ আছে প্ৰকৃতিও শীতক বেৰ দিবলৈ
জোনাকীও বাট বুলিব চাগে একেই দিশলৈ।

No comments:

Post a comment