জিন্টু মণিৰ "কৃষ্ণচূড়াৰ দেশৰ ধুনীয়া ছোৱালী জনী" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

জিন্টু মণিৰ "কৃষ্ণচূড়াৰ দেশৰ ধুনীয়া ছোৱালী জনী"

কৃষ্ণচূড়াৰ দেশৰ ধুনীয়া ছোৱালী জনী
পায়নে আপুনি চিনি
খোজ দিছিলো আজি
দেওঁবাৰৰ দিনটোত
গুৱাহাটী বিশ্ববিদ্যালয়ৰ
সন্মুখেৰে যোৱা ফুটপাটত

বহুতো ৰূপৱতী পাৰ হৈছিল কাষেৰে
পাৰ হৈছিল বহুতো পাহুৱাল ডেকা
কিন্তু কিয় জানো 
তাই মোৰ চকুৰ সন্মুখত
হঠাৎ জিলিকিছিল
নাজানো কোন দেশৰ
ৰূপৱতী আছিল তাই
আজি খোজ দিছে
এই কৃষ্ণচূড়াৰ দেশত

নাজানো কি এনে বিশেষত্ব আছে তাইৰ
মোৰ দেখোন মনটো তাইৰ ওচৰলৈ
উৰা মাৰি আছে
তাই খোজ দিছিল অকলে
সেই ফুটপাটত
লগত নাছিল আন কোনো
যেতিয়া পাৰ হৈ গৈছিল মোৰ কাষেৰে
এনে লাগিছিল যেন
মধুৰ ৰোমান্টিক চিন এটাহে আছিল 
সেই মূহুর্তেটো

কিয় জানো
কিয় জানো মন মোৰ উৰি গৈছে 
বাৰে বাৰে তাইৰ কাষলৈ
আপুনি তাইক পায়নে চিনি
কৃষ্ণচূড়াৰ দেশৰ ধুনীয়া ছোৱালী জনী

জিন্টু মণি
(৯১০১৫৮১৫৯০)

No comments:

Post a Comment