কনমইনা দাসৰ কবিতা "লিগাঙৰ ঐনিতমে ঠাই হেৰুৱাৰ ভয়ত গোটেই ৰাতি দুচকুত সপোনবোৰ জুকিয়াই আছিল" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

কনমইনা দাসৰ কবিতা "লিগাঙৰ ঐনিতমে ঠাই হেৰুৱাৰ ভয়ত গোটেই ৰাতি দুচকুত সপোনবোৰ জুকিয়াই আছিল"

নৈপৰীয়া আকাশত বিষাদৰ ঐনিতমটো তেতিয়া বাজি আছিল কিন্তু মোৰ বাইছটা(২২বছৰ) বসন্ত উন্মনা যৌৱন পাখিলাহি পখিলা
বুজিও নুবুজে নৈপৰীয়া গাভৰুৰ চঞ্চলতাবোৰ
ফেনেফুটুকাৰে নদীখন বাঢ়িলে আইজনীয়ে উচপ খাই উঠে
 যেতিয়া গৰাখহনীয়াই পিতাইৱে কলিজাত মেৰিয়াই লোৱা আঁচলখন খহাই তেতিয়া সাৰে থাকে ৰাতিবোৰ

গৰখীয়াৰ চিঞৰ শুনি হেম্বেলীয়াই খীৰতি গাইৰ দামুৰীবোৰে
শিশুবোৰৰ বালিঘৰ ভাগি চুৰমাৰ হয় 
আৰোবেলিতকৈও এইবেলি নদীখন চাংঘৰৰ কাষলৈ চাপিল

এটা সময়ত ভাগৰি পৰিছিল দঞি:পল:ক মিনতি কৰিবলৈ
অভাৱে জুৰুলা কৰা জোলাঙাত এতিয়া ভোকাতুৰ কেঁচুৱাৰ ক্ৰন্দনৰত কাতৰ প্ৰাৰ্থনা 

হাতদীঘলৰ সৈতে থৈয়া নথৈয়া ৰণত ৰণুৱাঘোঁৰাবোৰ ফোপাই 
ঘৰ হেৰুৱাৰ ভয়ত উদাত্ত কণ্ঠই সুৰ সলনি কৰে

নাঙলে অঁকা পিতাইৰ পথাৰখন হুৰহুৰাই সোমাইছে ওলাই আহিব নোৱাৰা কেঁকেৰিত

চৰহমুখী ককাইদেউৱে বিহু সংক্ৰান্তিত
বুঢ়ী আইক চুঙাপিঠা,পুৰাংপিঠা পাহৰি মেগি চাওচাও খোৱাই 
আপোন পৰ হয় 
বুকুৰ কুটুমে সপোন খহাই 
জীয়াই থকাৰ আশাবোৰ এনেকৈয়ে ওদংপকেটত ঘূৰি ফুৰে।

শব্দাৰ্থ: লৃগাং (লিগাঙ) মানে মিছিং সম্প্ৰদায়ৰ বিহু উৎসৱ,
দঞি:পল: মানে মিছিং সম্প্ৰদায়ৰ উপাস্য দেৱতা অৰ্থাৎ সূৰ্য দেৱতা
পোৰাংপিঠা মানে আলি আই লৃগাং ত তৰাপাতেৰে মেৰিয়াই বনোৱা বৰা,জহাধানৰ সুস্বাদু এবিধ পিঠা
ঐনিতম মানে বিহু গীত

কনমইনা দাস, দেৰগাঁও, যোৰহাট।

No comments:

Post a Comment