ৰুপজ্যোতি গগৈৰ কবিতা "গাওঁ এৰি চহৰমুখী হোৱা মানুহবোৰ" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

ৰুপজ্যোতি গগৈৰ কবিতা "গাওঁ এৰি চহৰমুখী হোৱা মানুহবোৰ"

গাঁও এৰি চহৰমুখী হোৱা মানুহবোৰে
অহৰহ বুকুত কঢ়িয়াই ফুঁৰে
ৰ'দত শুকাই নোযোৱা
বৰষুণতো তিতিব নোৱৰা
এপাহ বকুল
বুকুৰ বকুল
গোন্ধে নহয় আমোলমোল

চহৰত আভিজাত্য থাকে
ৰং থাকে
ওখ ওখ দেৱাল থাকে
মানুহ হয়তো ক'ৰবাত কাচিৎহে থাকে
সুউচ্চ অট্টালিকাই তাক জানো স্পৰ্শ কৰিব পাৰে!!

মেকুৰীৰ ভয়ত নিগনি পলাই ফুৰাৰ দৰেই
চহৰৰ মানুহবোৰে বসন সলাই থাকে
গৰ্ব খৰ্ব হোৱাৰ ভয়ত

হেৰুৱাই শিপা
দুভৰিত বোকা লগাৰ ভয়ত
পিছে, তেওঁলোকে নাজানে
শিপাবিহীন গছৰ স্থিৰতা জানো থাকে!!

সিহঁতে ঘৰ নাসাজে /নাপাতে
সাজে অত্যাধুনিক অট্টালিকা
কাৰটো কিমান ওখ
তাতো থাকে গোপন প্ৰতিদ্বন্দিতা!!

সময় হ'লে পিছ চোতালৰ চেঁচুকত
অকলে অকলে পৰি থাকে

গাওঁ এৰি চহৰমুখী হোৱা মানুহবোৰে সেই কথা বুজেনে  কোনো কালে!!!

            ৰূপজ্যোতি গগৈ
        

No comments:

Post a Comment